আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব ভাৰতীয় বায়ুসেনাৰ কেপ্তেইন শুভাংশু শুক্লা

দেশবাসীক গৌৰৱান্বিত কৰা এটা খবৰ ! আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ চমুকৈ আই এছ এছলৈ বুলি উৰা মৰাৰ প্ৰস্তুতি চলাইছে ভাৰতীয় বায়ুসেনাৰ এগৰাকী কেপ্তেইনে। নাম তেওঁৰ শুভাংশু শুক্লা। 

author-image
Asomiya Pratidin
New Update
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব ভাৰতীয় বায়ুসেনাৰ কেপ্তেইন শুভাংশু শুক্লা

ডিজিটেল ডেস্ক : দেশবাসীক গৌৰৱান্বিত কৰা এটা খবৰ ! আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ চমুকৈ আই এছ এছলৈ বুলি উৰা মৰাৰ প্ৰস্তুতি চলাইছে ভাৰতীয় বায়ুসেনাৰ এগৰাকী কেপ্তেইনে। নাম তেওঁৰ শুভাংশু শুক্লা। 

Advertisment

জানিব পৰা মতে, কেপ্তেইন শুভাংশু শুক্লাই ২০২৫ চনৰ মে’ মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) লৈ উৰা মাৰিব । প্ৰণিধানযোগ্য যে, ইয়াৰ আগেয়ে ১৯৮৪ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল ভাৰতৰ ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মাই কৰা আইকনিক অভিযানৰ চাৰিটা দশকৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় হ’ব শুক্লা। 

এই সন্দৰ্ভত মহাকাশ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ইছৰোৰ আগন্তুক প্ৰকল্পসমূহৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ পিছত এই অভিযানক ভাৰতৰ মহাকাশ যাত্ৰাৰ বাবে এক অনাবিল মুহূৰ্ত বুলি অভিহিত কৰে। শুক্লাই নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছনৰ সৈতে এক্স-৪ মিছনত পাইলট হিচাপে কাম কৰিব। 

আনহাতে এই অভিযানত আছে কেইবাগৰাকী অভিজ্ঞ সদস্য। তেওঁলোক হৈছে- পোলেণ্ডৰ স্লাওছ উজনানস্কি, হাংগেৰীৰ টিবৰ কাপু আদি। মহাকাশগামী এই দলটোৱে আই এছ এছত ১৪ দিন কটাব। তাত তেওঁলোকে বৈজ্ঞানিক গৱেষণা চলাব।

মহাকাশ