৯ মাহত দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন ভাৰত

২৫ বছৰ পূৰ্বে সৌৰভ গাংগুলীৰ নেতৃত্ব ভাৰতীয় দলটো চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল। সেই পৰাজয়ৰে যেন আজি একপ্ৰকাৰে প্ৰতিশোধ ল'লে ৰোহিত শৰ্মা বাহিনীয়ে।

author-image
Asomiya Pratidin
New Update
eee

ডিজিটেল ডেস্কঃ   টি-২০ বিশ্বকাপৰ পাছত চেম্পিয়নছ ট্ৰফীও দখল কৰিলে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে। আজি ডুবাইত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ মেচখনত ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰি পুনৰ এবাৰ প্ৰতিযোগিতাখনৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। উল্লেখ্য যে, ২৫ বছৰ পূৰ্বে সৌৰভ গাংগুলীৰ নেতৃত্ব ভাৰতীয় দলটো চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল।

Advertisment

সেই পৰাজয়ৰে যেন আজি একপ্ৰকাৰে প্ৰতিশোধ ল'লে ৰোহিত শৰ্মা বাহিনীয়ে। ইয়াৰ পূৰ্বে বিগত বছৰৰ জুনত বাৰ্বাডোছত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি খিতাপ জয় কৰিছিল। তাৰ পাছত আজি পুনৰ আই চি চিৰ এই মেগা ইভেণ্টৰ ট্ৰফী জয় কৰি মাত্ৰ ৯ মাহৰ ভিতৰতে ভাৰতীয় দলটোৱে দুটাকৈ ট্ৰফী দখল কৰাৰ গৌৰৱ অৰ্জন কৰিলে।

অৱশ্যে টি-২০ বিশ্বকাপ ভাৰতীয় দলটোৱে জয় কৰিছিল প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ অধীনত আৰু চেম্পিয়নছ ট্ৰফী জয় কৰিলে গৌতম গম্ভীৰৰ প্ৰশিক্ষণৰ অধীনত। মেচখনত টছত জয় লাভ কৰি নিউজিলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নিৰ্ধাৰিত ৫০ অভাৰত দলটোৱে ২৫১ ৰাণ কৰি ভাৰতীয় দলটোক ২৫২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। এই লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে আৰম্ভণিৰ পৰাই আগ্ৰাসী ৰূপ ধাৰণ কৰে।

অপেনিং কৰিবলৈ আহি অধিনায়ক ৰোহিত শর্মাই আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। তেওঁ নিউজিলেণ্ডৰ বেগী বলাৰক লক্ষ্য কৰি লয় আৰু ৭৬ ৰাণৰ এক দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰে। 
প্ৰতিযোগিতাখনত এটাৰ পাছত এটাকৈ বিস্ময়কৰ কেচ আয়ত্ব কৰি নিউজিলেণ্ডৰ গ্লেন ফিলিপছে আজিও এক অসম্ভাৱণীয় কেচ আয়ত্ব কৰি শুভমণ গীলক খেল পথাৰৰ পৰা বাহিৰলৈ পথ দেখুৱাই। গীলে ৫০ বলত কৰে ৩১ ৰাণ।

অৱশ্যে গীলৰ পাছতে বেটিং কৰিবলৈ আহি বিৰাট কোহিল ব্যৰ্থ হয়। কোহলিয়ে ২ বলত কৰে ১ ৰাণ। গীল আৰু বিৰাটৰ উইকেট যোৱাৰ পাছতে ভাৰতীয় দলটো কিছু বিপদত পৰে। আনহাতে ৰোহিত শৰ্মাও আউট হোৱাত স্ক’ৰ আগবঢ়াই নিয়াৰ দায়িত্ব পৰে শ্ৰেয়াছ আয়াৰ আৰু অক্ষৰ পেটেলৰ ওপৰত।

আজিৰ মেচখনত পৰাস্ত হলেও অৱশ্যে ফিল্ডিঙৰ জৰিয়তে ভাৰতীয় দলটোক যথেষ্ট চাপত ৰাখিলে। দলটোৰ এনে প্ৰদৰ্শনত ভাৰতীয় বেটছমেনসকলো যথেষ্ট চাপত পৰে। অৱশ্যে শ্ৰেয়াছ আয়াৰ আৰু অক্ষৰ পেটেলে দায়িত্বসহকাৰে ইনিংছ আগবঢ়াই নিয়ে। দুয়োৱে জুটি বান্ধি ৬১ ৰাণ কৰে। অক্ষৰ পেটেলে ৪০ বলত ২৯ আৰু শ্ৰেয়াছ আয়াৰে ৬২ বলত ৪৮ ৰাণ কৰি পেভিলয়নমুখী হয়।

ইয়াৰ পিছতে ইনিংছ আগবঢ়াই জয়ৰ দিশে দলক লৈ যোৱাৰ দায়িত্ব পৰে কে এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াৰ ওপৰত। দুয়ো অভিজ্ঞ ক্ৰিকেটাৰে শ্ল’ পীটছত নিউজিলেণ্ডৰ স্পীনাৰসকলৰ সৈতে দক্ষতাৰে মুখামুখি হয়। হাৰ্দিক পাণ্ডিয়াই ১৮ বলত ১৮ ৰাণ কৰি দলক বিজয়ৰ মুখলৈ ঠেলি পেভিলিয়নমুখি হয়। তাৰ পাছতেই খেল পথাৰলৈ আহে ৰবীন্দ্ৰ জাডেজা।

কে এল ৰাহুল আৰু জাডেজাই মিলি ৬ টা বল বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰি ভাৰতক বিজয়ৰ সোৱাদ দিয়ে। ৪৯ অভাৰৰ অন্তিম বলত বিজয়সূচক বাউণ্ডেৰীটো কোবালে ৰবীন্দ্ৰ জাডেজাই। তেওঁ ৬ টা বলত অপৰাজিত ৯ ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে ৩৩ বলত ৩২ ৰাণ কৰি অপৰাজিত হৈ থাকে।

ইফালে প্ৰথমে বেটিং কৰি নিউজিলেণ্ডৰ য়ঙে ২৩ বলত ১৫, ৰাছিন ৰবীন্দ্ৰই ২৯ বলত ৩৭, উইলিয়ামছনে ১৪ বলত ১১, মিচেলে ১০১ বলত ৬৩, লাথামে ১৪, ফিলিপছে ৩৪ ব্ৰেকৱেলে ৫৩ আৰু ছাণ্টনাৰে ৮ ৰাণ কৰে। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী, কেডাৰ যাদৱে ২ টাকৈ আৰু মহম্মদ ছামিয়ে ৰবীন্দ্ৰ জাডেজাই এটাকৈ উইকেট লাভ কৰে।

চেম্পিয়নছ ট্ৰফী