১৯ অনুৰ্ধৰ টি-২০ মহিলা ক্ৰিকেট বিশ্বকাপত খিতাপ অৰ্জন ভাৰতৰ...

২০ অভাৰত সকলো উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকা দলে মাত্ৰ ৮২ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পৰিৱৰ্তে দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি ভাৰতীয় মহিলা দলে মাত্ৰ ১১.২ অভাৰতে নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয় । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ ভাৰতীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাক ৮ উইকেটত পৰাস্ত কৰি ১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপৰ মুকুট দ্বিতীয়বাৰৰ বাবে লাভ কৰিবলৈ সক্ষম হয় । মালয়েছিয়াৰ কুয়ালালামপুৰৰ বায়েমাছ অভেলত অনুষ্ঠিত হোৱা চূড়ান্ত খেলত ভাৰতীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাক ৮২ ৰাণত সীমাবদ্ধ ৰাখি সহজেই লক্ষ্যত উপনীত হয়। ভাৰতীয় স্পিনাৰসকলে পুনৰ এবাৰ উজ্জ্বল প্ৰদৰ্শন কৰি ৯টা উইকেট দখল কৰে ।

Advertisment

চূড়ান্ত খেলখনত দক্ষিণ আফ্ৰিকাই টছ্ জিকি প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু প্ৰথম অভাৰত ১০ ৰাণ সংগ্ৰহ কৰি এক ভাল আৰম্ভণি দিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় স্পিন বলাৰৰ সন্মুখত দিশহাৰা হৈ পৰে দক্ষিণ আফ্ৰিকা দল ।প্ৰথম ১০ অভাৰত দক্ষিণ আফ্ৰিকাই মাত্ৰ ৩৩ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে ২০ অভাৰত সকলো উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকা দলে মাত্ৰ ৮২ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পৰিৱৰ্তে দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি ভাৰতীয় মহিলা দলে মাত্ৰ ১১.২ অভাৰতে নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয় । 

iCC মহিলা টি-২০ বিশ্বকাপ