ভাৰতত হ্ৰাস পালে নৱজাতক শিশুৰ মৃত্যুৰ  হাৰ, জনালে কেন্দ্ৰ চৰকাৰে…

ভাৰতত হ্ৰাস পালে নৱজাতক শিশুৰ মৃত্যুৰ  হাৰ, জনালে কেন্দ্ৰ চৰকাৰে…

author-image
asomiyapratidin
New Update
ভাৰতত হ্ৰাস পালে নৱজাতক শিশুৰ মৃত্যুৰ  হাৰ, জনালে কেন্দ্ৰ চৰকাৰে…

ডিজিটেল ডেস্ক : ভাৰতত হ্ৰাস পালে নৱজাতক শিশুৰ মৃত্যুৰ হাৰ । ২০১৪ চনত প্ৰতি ১০০০টা শিশুৰ ভিতৰত গড়ে ৪৫টা শিশুই মৃত্যুবৰণ কৰাৰ বিপৰিতে ২০১৯ লৈ গড়ে ৩৫টা শিশুলৈ হ্ৰাস কৰিবলৈ সক্ষম হয় মৃত্যুৰ সংখ্যা । কেন্দ্ৰীয় মন্ত্ৰী ডা: ভাৰতী পাৰৱিন পাৱাৰে ১৬ আগষ্টত অনুষ্ঠিত হোৱা 'প্ৰাক-শৈশৱ উন্নয়ন কনক্লেভ' ত জনালে এই কথা ।ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ জৰিয়তে পাঁচবছৰ বয়সৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত সক্ষম হৈছে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । 

Advertisment

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতৰ নৱজাতকৰ মৃত্যুৰ হাৰ কেৱল  পাকিস্তান আৰু ম্যানমাৰ জাতীয় কেইখনমান দেশতকৈহে কম ।

আৰু পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম লোকসংস্কৃতি কুইজ প্ৰতিযোগিতা…

health india