Advertisment

ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন T-20ত জয়ী ভাৰত ! বিশাল লক্ষ্য ভেদিব নোৱাৰিলে ইংলেণ্ডে...

আজি অনুষ্ঠিত মেচখনত শোচনীয় পৰাজয় স্বীকাৰ কৰে ইংলেণ্ড বাহিনীয়ে । ১৫০ ৰানৰ বৃহৎ‍ ব্যৱধানত জয়ী হয় ভাৰতীয় দল । প্ৰথমে বেটিং কৰি ভাৰতে ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২৪৭ ৰান ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ টি-২০ত নিজৰ আধিপত্য বৰ্তাই ৰখাত সক্ষম ভাৰতীয় ক্ৰিকেট দল । সেয়া লাগিলে ভাৰতীয় পুৰুষ দলেই হওক বা মহিলা দল । 

Advertisment

আজি ১৯ অনুৰ্ধৰ মহিলাৰ টি-২০ ক্ৰিকেট বিশ্বকাপত খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছিল ভাৰতীয় দলে । সমান্তৰালভাৱে আজিৰ দিনটোতে ভাৰতীয় পুৰুষ দলৰ ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা পঞ্চমখন টি-২০ত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰে ভাৰতীয় খেলুৱৈয়ে ।

উল্লেখযোগ্য যে, ৫ খনকৈ টি-২০ৰ শৃংখলাত ৪খনতে বিজয় সাব্যস্ত কৰি শৃংখলা দখল কৰে ভাৰতীয় দলে । আজি অনুষ্ঠিত মেচখনত শোচনীয় পৰাজয় স্বীকাৰ কৰে ইংলেণ্ড বাহিনীয়ে । ১৫০ ৰানৰ বৃহৎ‍ ব্যৱধানত জয়ী হয় ভাৰতীয় দল । প্ৰথমে বেটিং কৰি ভাৰতে ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২৪৭ ৰান । ইয়াৰ পৰিৱৰ্তে দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি ৯৭ ৰাণতে ইনিংছ সামৰে ইংলেণ্ডে বাহিনীয়ে ।

আজিৰ মেচখনত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি এক প্ৰকাৰ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় অভিষেক শৰ্মা । মাত্ৰ ৫৪টা বলত অভিষেকে সংগ্ৰহ কৰে ১৩৫ ৰাণ । 

 

ind vs eng