Advertisment

ভাৰত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হ’ব: এন চন্দ্ৰশেখৰন

টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে শনিবাৰে কয় যে এইবাৰ দেশৰ বিকাশৰ ক্ষেত্ৰত গতি মধ্যমীয়া হোৱাৰ পিছতো ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে অব্যাহত থাকিব। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে শনিবাৰে কয় যে এইবাৰ দেশৰ বিকাশৰ ক্ষেত্ৰত গতি মধ্যমীয়া হোৱাৰ পিছতো ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে অব্যাহত থাকিব। 
 
তেওঁ লগতে কয় যে নবীকৰণযোগ্য শক্তিলৈ স্থানান্তৰ, বিশ্ব যোগান শৃংখলৰ গতিশীলতাৰ পৰিৱৰ্তন আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)কে ধৰি বিশ্বত ঘটি থকা তিনিটা ডাঙৰ পৰিৱৰ্তন ভাৰতৰ শক্তিৰ সৈতে সংগতি ৰাখি আগবাঢ়িছে। 
 
চেন্নাইত অনুষ্ঠিত হোৱা এনআইটি ত্ৰিচিৰ গ্ল’বেল এলুমনি মিটত ভাষণ দি চন্দ্ৰশেখৰনে কয় যে ভাৰতৰ বৃদ্ধিৰ মন্থৰতা সাময়িক আৰু ই বৃদ্ধি পাব। 
 
‘ভাৰতৰ অৰ্থনীতি অতি শক্তিশালী। এই বছৰ বৃদ্ধিৰ ক্ষেত্ৰত মধ্যমীয়া হ’লেও আমি আন যিকোনো দেশতকৈ ভালকৈ বৃদ্ধি পাই থাকিম। আমি আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাম।’ দেশখন এতিয়াও দ্ৰুতগতিত বৃদ্ধি পাব পাৰে বুলি ইংগিত দি তেওঁ এইদৰে উল্লেখ কৰে ।
  
তেওঁ লগতে বিশ্বাস কৰে যে ২০২৫ চনটো ‘এআইৰ বাবে এক অসাধাৰণ বছৰ’ হ’ব, বছৰটোৰ ভিতৰত এছএলএমত বৃহৎ বিনিয়োগ হোৱাৰ সম্ভাৱনা আছে।  আনহাতে এলএলএম সমূহেও ইয়াৰ ভূমিকা পালন কৰিব। এছএলএম সমূহে বিশেষ ভূমিকা ল’ব কাৰণ ইয়াৰ দ্বাৰা কম শক্তি খৰচ হ’ব আৰু দ্ৰুত ফলাফল দিব। মই অনুভৱ কৰোঁ যে এআইৰ বাবে এইটো এটা অসাধাৰণ বছৰ হ’ব।’-তেওঁ লগতে এইদৰে উল্লেখ কৰে ।
তেওঁ কয় যে বিশ্বব্যাপী যোগান শৃংখলত ‘ইণ্ডিয়া প্লাছ মডেল’ৰ বাবে বৃহৎ পৰিসৰ আছে। “বিকল্প যোগান শৃংখলৰ অনুসন্ধানত আছে বিশ্বৰ ভূ-ৰাজনৈতিক ব্যৱস্থা । স্কেল, ভাৰসাম্য, উদ্যোগীকৰণৰ মনোভাৱ, জনগাঁথনি, চৰকাৰী সমৰ্থন আদি আমাৰ এই সকলোবোৰ আছে। আমি বিশ্বব্যাপী যোগান শৃংখলত উল্লেখযোগ্য ভূমিকা পালন কৰিম। যিটোক মই ইণ্ডিয়া প্লাছ মডেল বুলি কওঁ।’-অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য কৰে ।

অৰ্থনীতি