Advertisment

২০৪০ চন পৰ্যন্ত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব ভাৰত

বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকৰ্তা তথা উপভোক্তা হিচাপে ভাৰত অতি কমেও ২০৪০ চন পৰ্যন্ত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব। এই মন্তব্য কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ।

author-image
Asomiya Pratidin
New Update
২০৪০ চন পৰ্যন্ত ভাৰত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব

ডিজিটেল ডেস্কঃ বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকৰ্তা তথা উপভোক্তা হিচাপে ভাৰত অতি কমেও ২০৪০ চন পৰ্যন্ত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব। এই মন্তব্য কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ।

Advertisment

লগতে তেওঁ কয় যে, ভাৰতে নিজকে তৈল শোধন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈয়ো পৰিকল্পনা প্ৰস্তুত কৰিছে। যদিও বিশ্বজুৰি শোধনাগৰসমূহত শক্তি পৰিবৰ্তন প্ৰক্ৰিয়া অনিশ্চিত গতিত চলি আছে তথাপিও দৈনিক কেঁচা মালৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ বাবে জীৱাশ্ম ইন্ধনৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ২০৪০ চনলৈকে অব্যাহত থাকিব।

বেংগালুৰুত অনুষ্ঠিত হোৱা এক শোধন সন্মিলনত এই কথা কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, আমাৰ বৰ্তমানৰ ৰিফাইনেৰীসমূহে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিছে আৰু আন দেশক সেৱা প্ৰদান কৰাৰ বাবে আঞ্চলিক কেন্দ্ৰ হিচাপে কাম কৰিব।

গ্ৰীণ হাউচ গেছৰ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ নিৰ্গমণকাৰী ভাৰতে ২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমণৰ লক্ষ্য নিৰ্ধাৰণৰ প্ৰতিশ্ৰুতিও দিছে। ইয়াৰোপৰি চৰকাৰে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱট নৱীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

পুৰীয়ে পুনৰ কয় যে, ভাৰতে ইয়াৰ শোধন ক্ষমতা বছৰি প্ৰায় ২৪৯ মিলিয়ন টন অৰ্থাৎ প্ৰতিদিনে প্ৰায় ৫ মিলিয়ন বেৰলৰ পৰা বছৰি ৮১ শতাংশ বৃদ্ধি কৰি ৪৫০ মিলিয়ন টন কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা নাই।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, প্ৰতি বছৰে ৩১০ মিলিয়ন টনতকৈ অধিক ক্ষমতা অৰ্জন কৰিবলৈ ৰাজ্যিক মালিকানাধীন আৰু ব্যক্তিগত শোধনাগৰসমূহৰ মাজৰ ''বৰ্ধিত আলোচনা'' চলি আছে। তেওঁৰ মতে ক্ষুদ্ৰ শোধনাগৰসমূহ আৰু অৰ্থনৈতিকভাৱে লাভজনক নহব।

ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডে এইবছৰৰ শেষৰ ফালে বা অহা বছৰৰ আৰম্ভণিতে ৰাজস্থানত প্ৰতিদিনে ১৮০,০০০ বেৰল শোধনাগৰ মুকলি কৰাৰো পৰিকল্পনা হাতত লৈছে।

তৈল খনন পেট্ৰ'লিয়াম মন্ত্ৰী বেংগালুৰু