ভাৰত কেৱল উন্নত দেশ হিচাপেই নহয়, সামৰিক শক্তিৰেও বিশ্বৰ এক নম্বৰত থাকিব : কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং

বৃহস্পতিবাৰে ‘দ্য উইক’ নামৰ আলোচনীয়ে আয়োজন কৰা ‘ডিফেন্স কনক্লেভ- ২০২৫’ শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। এই অনুষ্ঠানতে তেওঁ কয়- ভাৰতে এতিয়াৰে পৰা আমদানিৰ

author-image
Asomiya Pratidin
New Update
ভাৰত কেৱল উন্নত দেশ হিচাপেই নহয়, সামৰিক শক্তিৰেও বিশ্বৰ এক নম্বৰত থাকিব : কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং

ডিজিটেল ডেস্ক : দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনৰ মূল্য ১.৬০ লাখ কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনা ব্যক্ত কৰি ২০২৯ৰ ভিতৰত ৩ লাখ কোটি টকাৰ সামৰিক হাৰ্ডৱেৰ নিৰ্মাণৰ লক্ষ্য লোৱাৰ কথা সদৰী কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। 

Advertisment

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ‘দ্য উইক’ নামৰ আলোচনীয়ে আয়োজন কৰা ‘ডিফেন্স কনক্লেভ- ২০২৫’ শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। এই অনুষ্ঠানতে তেওঁ কয়- ভাৰতে এতিয়াৰে পৰা আমদানিৰ ওপৰত নিৰ্ভৰশীল হোৱাটো দূৰ কৰিব বিচাৰিছে। তাৰ বিপৰীতে ৰপ্তানিত অধিক গুৰুত্ব দিছে। যাৰ বাবে ভাৰতে ঘৰুৱাভাৱে প্ৰস্তুত কৰিব সামৰিক সা- সামগ্ৰী। 

উক্ত অনুষ্ঠানত তেওঁ দৃঢ়তাৰে কয় যে, ভাৰতে কেৱল উন্নত দেশ হিচাপেই নহয়, সামৰিক শক্তিৰেও বিশ্বৰ এক নম্বৰ স্থান হিচাপে আত্মপ্ৰকাশ কৰিব।

rajnath singh