ভাৰত পুনৰ বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনৈতিক দেশ হ’ব : ৰাষ্ট্ৰসংঘ

ৰাষ্ট্ৰসংঘৰ গ্ল’বেল ইকনমিক মনিটৰিঙৰ মুৰব্বী হামিদ ৰছিদে ভাৰতৰ অৰ্থনীতিক লৈ ইতিবাচক মন্তব্য কৰিছে । তেওঁৰ মন্তব্যত প্ৰকাশ পাইছে আশাৰ বতৰা।

author-image
Asomiya Pratidin
New Update
ভাৰত পুনৰ বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনৈতিক দেশ হ’ব : ৰাষ্ট্ৰসংঘ

ভাৰত পুনৰ বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনৈতিক দেশ হ’ব : ৰাষ্ট্ৰসংঘ

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰসংঘৰ গ্ল’বেল ইকনমিক মনিটৰিঙৰ মুৰব্বী হামিদ ৰছিদে ভাৰতৰ অৰ্থনীতিক লৈ ইতিবাচক মন্তব্য কৰিছে । তেওঁৰ মন্তব্যত প্ৰকাশ পাইছে আশাৰ বতৰা। ৰচিদৰ মতে, ভাৰত পুনৰ বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনৈতিক দেশ হ’ব। লগতে ইয়াৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ৬.৬ শতাংশ হ’ব। 

উল্লেখ্য যে বৃহস্পতিবাৰে প্ৰকাশ হৈছিল ৰাষ্ট্ৰসংঘৰ ফ্লেগশ্বিপ প্ৰতিবেদন-  ‘বিশ্ব অৰ্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা ২০২৫, চমুকৈ (WESP)। এই প্ৰতিবেদনত মুৰব্বীগৰাকীয়ে কয় যে অহা বছৰ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চমুকৈ জি ডি পি দ্ৰুতগতিত বৃদ্ধি পাই ৬.৮ শতাংশ হ’ব। ইতিমধ্যে ইয়াৰ বাবে প্ৰকল্প হাতত লোৱা হৈছে ।

লগতে উল্লেখ কৰে যে ভাৰতৰ অৰ্থনীতি সেৱা আৰু কিছুমান সামগ্ৰীৰ শ্ৰেণী,  বিশেষকৈ ঔষধ তথা ইলেক্ট্ৰনিকছৰ ক্ষেত্ৰত শক্তিশালী ৰপ্তানি বৃদ্ধিৰ দ্বাৰা শক্তিশালী হ’ব। ইয়াৰ দ্বাৰা দেশৰ অৰ্থনীতি উন্নীত হ’ব আৰু আন্তঃগাঁথনি উন্নয়নৰ ওপৰত মূলধনী ব্যয়ে অনাগত বছৰত বৃদ্ধিৰ ওপৰত শক্তিশালী প্ৰভাৱ পেলাব।

অৰ্থনীতি ৰাষ্ট্ৰসংঘ