পাকিস্তানক ভাৰতৰ কঠোৰ সতৰ্কবাণী

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। তাৰ মাজতে মঙলবাৰে দুয়োখন দেশৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানসকলে পাকিস্তান সেনাবাহিনীৰ অপ্ৰৰোচিত যুদ্ধবিৰতি উলংঘাৰ প্ৰতি লক্ষ্য ৰাখি হটলাইনত বাৰ্তালাপ কৰে।

author-image
Asomiya Pratidin
New Update
আকৌ যুদ্ধবিৰতি উলংঘা

আকৌ যুদ্ধবিৰতি উলংঘা

ডিজিটেল ডেস্কঃ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। তাৰ মাজতে মঙলবাৰে দুয়োখন দেশৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানসকলে পাকিস্তান সেনাবাহিনীৰ অপ্ৰৰোচিত যুদ্ধবিৰতি উলংঘাৰ প্ৰতি লক্ষ্য ৰাখি হটলাইনত বাৰ্তালাপ কৰে। নিয়ন্ত্ৰণ ৰেখাৰ কাষত বাৰে বাৰে হোৱা এই উলংঘাক লৈ ভাৰতে পাকিস্তানক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।

Advertisment

মঙলবাৰে পুৱালৈকে যুদ্ধবিৰতি উলংঘা কেৱল এলঅচিত সীমাবদ্ধ আছিল। কিন্তু  নিশা জম্মুৰ পাৰগৱাল খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানী বাহিনীয়ে গুলীচালনা কৰাত পৰিস্থিতি অধিক তীব্ৰতৰ হৈ পৰে। ইতিমধ্যে পাকিস্তানৰ এজন মন্ত্ৰীয়ে সামৰিক বাহিনীৰ মানসিকতাৰ ইংগিত দি কয় যে, পাকিস্তানে অহা ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত ভাৰতীয় আক্ৰমণৰ আশা কৰিছে। বৈছাৰণ ভেলীত সন্ত্ৰাসবাদীয়ে পৰ্যটকক কৰা গুলীচালনাৰ পিছত পাকিস্তানে সীমা অতিক্ৰম কৰি সঘনাই গুলীচালনা সংঘটিত কৰি আহিছে।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাৰ্গৱাল খণ্ডত যুদ্ধবিৰতি উলংঘাৰ পিছত ভাৰতে অতিৰিক্ত বিএছএফৰ জোৱান নিয়োগ কৰে। সূত্ৰ অনুসৰি, অঞ্চলটোত নিয়োজিত সেনা জোৱানসকলে সামৰিক অভিযান সঞ্চালক প্ৰধানক সাম্প্ৰতিক পৰিস্থিতি আৰু চলি থকা যুদ্ধবিৰতি উলংঘাৰ বিষয়ে অৱগত কৰে। এলঅ’চিৰ ৰাজৌৰী জিলাৰ নৌছেৰা আৰু সুন্দৰবাণী ছেক্টৰ, জম্মুৰ আখনুৰ ছেক্টৰ, কাশ্মীৰৰ বাৰামুল্লা আৰু কুপৱাৰা জিলাৰ পৰা শেহতীয়াকৈ গুলীচালনাৰ খবৰ পোৱা গৈছে।

যুদ্ধবিৰতি ভাৰত-পাকিস্তান পহলগাম