বৰ্ষাপাৰাত খেল দেখুৱাইছে ৰাহুল-ৰোহিতে

৪ আৰু ৬ ৰ যেন বৰষুণ নামিছে বৰ্ষাপাৰাত

author-image
Asomiya Pratidin
New Update
বৰ্ষাপাৰাত খেল দেখুৱাইছে ৰাহুল-ৰোহিতে

kl rahul

ডিজিটেল ডেস্ক: বৰ্ষাপাৰাত অনুৰাগীক খেল দেখুৱাইছে টীম ইণ্ডিয়াৰ দুই অপেনাৰ কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই। ৪ আৰু ৬ ৰ যেন বৰষুণ নামিছে বৰ্ষাপাৰাত। কেতিয়াবা ৰাহুলৰ বেটৰ পৰা ৬ আহিছে পিছ মুহুৰ্ততে ৰোহিতেও হাত উজাৰি বল ঠেলি দিছে বাউণ্ডাৰি সিপাৰে।

১৫ টা বলত ৩৩ ৰাণ কৰি অৱশ্যে ৰোহিততকৈ আগত আছে কে এল ৰাহুল। দুই ভাৰতীয়ৰ এই খেল দেখি বৰ্ষাপাৰাত উপস্থিত থকা টীম ইণ্ডিয়াৰ সমৰ্থৰ উৎসাহে নধৰা হৈছে।

২৭ টা বলত ৩১ ৰাণ কৰা ৰোহিতেও দৰ্শকক বঞ্চিত কৰা নাই। ৭ অভাৰত খেল অন্ত পৰাৰ পাছত শক্তিশালী স্থিতিত টীম ইণ্ডিয়া। উল্লেখ্য যে টচত জিকি প্ৰথমে টীম ইণ্ডিয়াক বেটিঙৰ আহ্বান জনাইছিল দক্ষিণ আফ্ৰিকাই। ৭ অভাৰৰ অন্তত ভাৰতৰ ৰাণ হৈছে ৬৮। এতিয়ালৈকে এটাও উইকেট হেৰুওৱা নাই টীম ইণ্ডিয়াই।

barsapara IND VS SA india cricket