IND vs PAK: ভাৰতৰ বিৰুদ্ধে খেলিবলৈ কি ৰণনীতি পাকিস্তানৰ...

চেম্পিয়নছ ট্ৰফীত আজি হাইভল্টেজ মেচ। চিৰবৈৰী পাকিস্তান আৰু ভাৰত আজি মুখামুখি হ'ব চেম্পিয়নছ ট্ৰফীত। জয়েৰে চেম্পিয়নছ ট্ৰফীত সফল আৰম্ভণি কৰা ভাৰত যথেষ্ট আত্মবিশ্বাসী হৈ আছে।

author-image
Asomiya Pratidin
New Update
web ap IND VS PAK

Champions Trophy 2025 IND vs PAK: চেম্পিয়নছ ট্ৰফীত আজি হাইভল্টেজ মেচ। চিৰবৈৰী পাকিস্তান আৰু ভাৰত আজি মুখামুখি হ'ব চেম্পিয়নছ ট্ৰফীত। জয়েৰে চেম্পিয়নছ ট্ৰফীত সফল আৰম্ভণি কৰা ভাৰত যথেষ্ট আত্মবিশ্বাসী হৈ আছে। ইফালে প্ৰথমখন মেচতে নিজৰ ঘৰুৱা ফিল্ডতে পৰাজয়ৰ সন্মুখীন হৈছিল পাকিস্তান। এই পৰাজয়ৰ পাছতে পাকিস্তানে আজি ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া মেচত কিছু সালসলনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Advertisment

পাকিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া খেলখনত টীম ইণ্ডিয়াৰ বিশেষ কোনো সালসলনি কৰাৰ সম্ভাৱনা নাই। ভাৰতৰ ঋষভ পন্ট প্ৰথমৰে অসুস্থ হৈ আছে। প্ৰথমখন মেচটো খেলা নাছিল পন্টে। শেহতীয়াকৈ টীম ইণ্ডিয়াৰ অনুশীলনতো দেখা পোৱা নগৈছিল পন্টক। গতিকে দ্বিতীয়খন মেচতো খেলাৰ নাই পন্টৰ।

টীম ইণ্ডিয়াই কোনো সালসলনি নকৰাৰ পৰিৱৰ্তে পাকিস্তানৰ আজি প্লেয়িং-১১ৰ ৰদবদল কৰিব পাৰে। পাক টীমৰ শ্বাহীদ আফ্ৰিদী আৰু নছীম শ্বাহ প্লেয়িং-১১ থকাটো প্ৰায় নিশ্চিত। মহম্মদ ৰিজৱানক আজি অন্যধৰণে খেলপথাৰত নমাব পাৰে পাকিস্তানে। 

পাকিস্তানৰ সম্ভাৱ্য প্লেয়িং-১১ত থাকিব পাৰে- ইমান ওল হক, বাবৰ আজম, চৈয়দ ছকিল, মহম্মদ ৰিজৱান, চলমান আগা, তৈয্যৰ তাহিৰ, খুছদিল শ্বাহ, ছাহিন আফ্ৰিডী, নছিম শ্বাহ, হাৰিছ ৰৰুফ আৰু অবৰাৰ আহমদ। 

 

 

ভাৰত