গাব্বাত ভাৰত- অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট : এডিলেইডৰ ব্যৰ্থতা পাহৰি প্ৰত্যাৱৰ্তনৰ লক্ষ্য ভাৰতৰ

ভাৰতীয় বলাৰৰ বলিং বিশ্লেষণ কৰিলে দেখা যায় যে বুমৰাহে এতিয়ালৈকে বলিং কৰিছে ৬ অ’ভাৰ। তেওঁ এই ৬টা অ’ভাৰত খৰচ কৰিছে মাত্ৰ ৮ ৰান। তেওঁৰ এই ৬টা অ’ভাৰ ৩টা অ’ভাৰত খৰচ কৰা নাই কোনো ৰান

author-image
Asomiya Pratidin
New Update
cfgj

ডিজিটেল ডেস্ক : আজিৰে পৰা গাব্বাত অনুষ্ঠিত হৈছে ব’ৰ্ডাৰ – গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট মেচ। গাব্বাত অনুষ্ঠিত হৈছে ভাৰত- অষ্ট্ৰেলিয়াৰ মাজত এই মেচখন। শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হোৱা মেচখনত টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লয় টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই।

Advertisment

সেই অনুসৰি অষ্ট্ৰেলিয়াই পোনতে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰে। প্ৰথম ইনিংছৰ প্ৰথম সত্ৰ অৰ্থাৎ ভোজন বিৰতিৰ আগলৈ ঘৰুৱা দলটোৱে সংগ্ৰহ কৰিছে বিনা উইকেটত ২৮ ৰান। বাতৰি লিখা পৰলৈকে গাব্বাৰ গতিময় বাউন্সি উইকেটত সুন্দৰ বলিং প্ৰদৰ্শন অৱ্যাহত আছে ভাৰতীয় বলাৰৰ। 

ভাৰতীয় বলাৰৰ বলিং বিশ্লেষণ কৰিলে দেখা যায় যে বুমৰাহে এতিয়ালৈকে বলিং কৰিছে ৬ অ’ভাৰ। তেওঁ এই ৬টা অ’ভাৰত খৰচ কৰিছে মাত্ৰ ৮ ৰান। তেওঁৰ এই ৬টা অ’ভাৰ ৩টা অ’ভাৰত খৰচ কৰা নাই কোনো ৰান। 

একেদৰে আন দুগৰাকী পেচ বলাৰ চিৰাজ আৰু অৰ্শদীপৰ বলিং বিশ্লেষণ এনেধৰণৰ- চিৰাজে এতিয়ালৈকে ৪ অ’ভাৰ বলিং কৰি খৰচ কৰিছে মাত্ৰ ১৩ ৰান। য’ত তেওঁ ২ অ’ভাৰ কোনো ৰান খৰচ কৰা নাই।

আনহাতে অৰ্শদীপে কৰিছে ৩.২ অ’ভাৰ। তেওঁ খৰচ কৰিছে মাত্ৰ ২ৰান। মিতব্যয়ী এই তিনিওগৰাকী বলাৰৰ এই প্ৰদৰ্শন অৱ্যাহত থাকিলে গাব্বাত ভাৰতে বধ কৰিব পাৰিব অষ্ট্ৰেলিয়াক।

test cricket ind vs aus