/asomiyapratidin/media/media_files/2024/12/08/ha6ajOszcvipCpuZC3Yn.jpg)
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ ভূমিত অনুষ্ঠিত হোৱা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত মুখ ঠেকেচা খালে ভাৰতীয় দলে । জয়ৰ সোৱাদৰ পৰা বঞ্চিত হ’ব লগা হ’ল ভাৰত । প্ৰথমখন টেষ্টত ঐতিহাসিক বিজয় সাব্যস্ত কৰা ভাৰতীয় দলৰ আত্মবিশ্বাসত চেঁচা পানী ঢালিলে অষ্ট্ৰেলিয়াৰ খৈলুৱৈয়ে ।
এডিলেইড অ’ভেলত অনুষ্ঠিত হোৱা পিংক বল টেষ্টত পেট কামিন্সে পাঁচ উইকেট দখল কৰি অষ্ট্ৰেলিয়াক জয়ৰ সোৱাদ প্ৰদান কৰে । এই বিজয়ৰে ৫ খনকৈ টেষ্ট অনুষ্ঠিত হ’ব লগা শৃংখলাত সমতা স্থাপন কৰিলে অষ্ট্ৰেলিয়াই।
পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত পৰাজয় বৰণ কৰি প্ৰতিশোধ লোৱাৰ মনেৰে অষ্ট্ৰেলিয়াই দ্বিতীয় টেষ্টত সকলোৱে উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল । অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল অধিনায়ক পেট কামিন্সে।
পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৯৫ ৰানত জয়লাভ কৰাৰ পাছত দেওবাৰে দ্বিতীয়খন টেষ্টত ১০ উইকেটত পৰাজয়ৰ সন্মুখীন হোৱাত ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিৰ বাবে ফাইনেলৰ অৰ্হতাৰ আশাক লৈয়ো সৃষ্টি হৈছে শংকাৰ।
সংবাদমেলত দ্বিতীয় দিনাৰ খেলৰ পিছত সাংবাদিকৰ সৈতে কথাবতৰাত অধিনায়ক ৰোহিত শৰ্মাই স্বীকাৰ কৰে যে বেটিঙেই দুয়োটা দলৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্য সৃষ্টি কৰিছিল। "আমি ভাল বেটিং কৰা নাছিলো, তেওঁলোকে ভাল বেটিং কৰিছিল - সেইটোৱেই আছিল পাৰ্থক্য"।
এই পৰাজয়ৰ পিছতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্টছ তালিকাত স্থান পৰিৱৰ্তন হয় ভাৰতৰ । বৰ্তমান পইণ্টছ তালিকাত তৃতীয় স্থানলৈ অৱনমিত হৈছে ভাৰতৰ স্থান । পইণ্টছ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়া আৰু দ্বিতীয়, স্থানত আছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দল ।