বস্ত্ৰ ৰপ্তানিৰে শীৰ্ষত ভাৰত...

দেশৰ বস্ত্ৰ উদ্যোগখণ্ডলৈ শেহতীয়াকৈ আহিছে ভাল খবৰ। বিশ্বব্যাপী ভাৰতে ৪ শতাংশ অংশীদাৰিত্বৰে বস্ত্ৰ ৰপ্তানি কৰা দেশ হিচাপে শীৰ্ষ স্থানত উপনীত হৈছে।– এই মন্তব্য বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ।

author-image
Asomiya Pratidin
New Update
বস্ত্ৰ ৰপ্তানিৰে শীৰ্ষত ভাৰত

ডিজিটেল ডেস্ক : দেশৰ বস্ত্ৰ উদ্যোগখণ্ডলৈ শেহতীয়াকৈ আহিছে ভাল খবৰ। বিশ্বব্যাপী ভাৰতে ৪ শতাংশ অংশীদাৰিত্বৰে বস্ত্ৰ ৰপ্তানি কৰা দেশ হিচাপে শীৰ্ষ স্থানত উপনীত হৈছে।– এই মন্তব্য বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ।

Advertisment

কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই শুকুৰবাৰে সংসদত বস্ত্ৰ সন্দৰ্ভত বিভিন্ন তথ্য সামৰি এক প্ৰতিবেদন দাখিল কৰে। তেওঁৰ এই প্ৰতিবেদনত উল্লেখ কৰা মতে, বস্ত্ৰ আৰু পোছাক ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে শীৰ্ষ স্থান দখল কৰিছে। 

একেদৰে বিশ্বব্যাপি ভাৰতে প্ৰায় ৪ শতাংশ অংশীদাৰিত্ব লাভ কৰাৰ কথাও অৱগত কৰে। কেৱল ইমানেই নহয়, ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৰপ্তানিৰ অংশীদাৰিত্ব লাভ কৰা বুলিও লোকসভাত লিখিত উত্তৰত উল্লেখ কৰে মন্ত্ৰী মাৰ্ঘেৰিটাই।

লগতে মন্ত্ৰীগৰাকীয়ে কয়- ভাৰতীয় বস্ত্ৰশিল্পৰ প্ৰচাৰৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে ৷ প্ৰধান পদক্ষেপসমূহৰ ভিতৰত আছে আধুনিক, সংহত, বিশ্বমানৰ বস্ত্ৰ আন্তঃগাঁথনি সৃষ্টিৰ বাবে পিএম মেগা ইন্টিগ্ৰেটেড টেক্সটাইল ৰিজিঅ’নছ এণ্ড এপাৰেল পাৰ্কছ স্কিম আদি। এই পদক্ষেপৰ দ্বাৰা ভাৰতে বৃহৎ পৰিসৰৰ উৎপাদন বৃদ্ধি আৰু প্ৰতিযোগিতামূলক ক্ষমতা আহৰণ কৰিব পাৰিব। তাৰ বাবে ইতিমধ্যে এম এম এফ ফেব্ৰিক, এম এম এফ এপাৰেল আৰু কাৰিকৰী বস্ত্ৰশিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

একেদৰে প্ৰডাকচন লিংকড ইনচেন্টিভ চমুকৈ পি এল আই আঁচনি, গৱেষণা উদ্ভাৱন আৰু উন্নয়ন, প্ৰচাৰ আৰু বজাৰ উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। এই সকলোবোৰে ব্যৱস্থাই ভাৰতীয় বস্ত্ৰশিল্পক এটা নতুন স্তৰলৈ যোৱাত সহায় কৰিব।

এই সমূহৰ উপৰি বস্ত্ৰ মন্ত্ৰালয়ে হস্তশিল্পৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় হস্তশিল্প উন্নয়ন কাৰ্যসূচী আৰু সৰ্বাংগীন হস্তশিল্প ক্লাষ্টাৰ উন্নয়ন আঁচনিও ৰূপায়ণত গুৰুত্ব দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰতীয় বস্ত্ৰ উদ্যোগটো বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগ। য’ত কপাহ, ৰেচম, উল আৰু পাটৰ লগতে মানৱসৃষ্ট আঁহ আৰু আঁহৰ পৰা কাপোৰলৈকে বৃহৎ কেঁচামালৰ ভিত্তি আছে বুলি তেওঁ উল্লেখ কৰে।

আনহাতে দেশত কপাহৰ সামঞ্জস্যপূৰ্ণ যোগান সুনিশ্চিত কৰাৰ লগতে কপাহ খেতিৰ প্ৰতি কৃষকৰ স্থায়ী আগ্ৰহ বৃদ্ধিৰ লক্ষ্যৰে ভাৰত চৰকাৰে প্ৰতি বছৰে কপাহৰ নূন্যতম সমৰ্থন মূল্য ঘোষণা কৰিছে। এই ব্যৱস্থাই কপাহৰ বজাৰৰ মূল্য এম এছ পিৰ হাৰৰ তললৈ নামিলে কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে উচিত পাৰিতোষিক মূল্য লাভ কৰাটো নিশ্চিত কৰিব আৰু প্ৰতিযোগিতামূলক মূল্যত কপাহৰ উপলব্ধতাও সহজ কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

বস্ত্ৰ উদ্যোগ পবিত্ৰ মাৰ্ঘেৰিটা বস্ত্ৰ শিল্প বস্ত্ৰ মন্ত্ৰণালয়