/asomiyapratidin/media/media_files/2025/08/23/postal-23-2025-08-23-17-06-00.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকালৈ ভাৰতৰ পৰা ডাক সেৱা অস্থায়ীভাৱে স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ ডাক বিভাগে। শনিবাৰে ভাৰতীয় ডাক বিভাগে আমেৰিকালৈ প্ৰায় সকলো আন্তঃৰাষ্ট্ৰীয় ডাক সেৱা অহা ২৫ আগষ্টৰ পৰা অস্থায়ীভাৱে স্থগিত কৰাৰ কথা ঘোষণা কৰিছে।
আমেৰিকা চৰকাৰে আন্তঃৰাষ্ট্ৰীয় পণ্য পৰিবহণৰ ক্ষেত্ৰত নতুন নিয়ন্ত্ৰণমূলক পৰিৱৰ্তন কৰাৰ পিছতে ভাৰতৰ ডাক বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে জাৰি কৰা বিবৃতি অনুসৰি এই সিদ্ধান্ত ২০২৫ চনৰ ৩০ জুলাইত আমেৰিকা প্ৰশাসনে ১৪৩২৪ নং কাৰ্যবাহী আদেশ জাৰি কৰাৰ পিছত লোৱা হৈছে।য’ত ৮০০ মাৰ্কিন ডলাৰ পৰ্যন্ত মূল্যৰ সামগ্ৰীৰ বাবে শুল্কমুক্ত ডি মিনিমিছ ৰেহাই প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে কম মূল্যৰ সামগ্ৰীক শুল্ক নোহোৱাকৈ আমেৰিকাত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।
উল্লেখ্য যে, ২০২৫ চনৰ ২৯ আগষ্টৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সকলো পণ্য, মূল্য নিৰ্বিশেষে, আন্তঃৰাষ্ট্ৰীয় জৰুৰী অৰ্থনৈতিক ক্ষমতা আইন (IEEPA) শুল্ক কাঠামোৰ অধীনত শুল্কৰ আওতালৈ আহিব। অৱশ্যে কাৰ্যবাহী আদেশ অনুসৰি ১০০ আমেৰিকান ডলাৰ পৰ্যন্ত মূল্যৰ উপহাৰ সামগ্ৰী এই নতুন শুল্কৰ পৰা মুক্ত থাকিব।
এই আদেশত পৰিবহণ কৰ্তৃপক্ষ আৰু আমেৰিকাৰ কাষ্টমছ এণ্ড বৰ্ডাৰ প্ৰটেকচন (CBP)ৰ দ্বাৰা অনুমোদিত “qualified parties”ৰ বাবে নতুন দায়িত্বৰ কথাও উল্লেখ কৰা হৈছে। এই সংস্থাসমূহে এতিয়া আন্তঃৰাষ্ট্ৰীয় ডাক পৰিবহণৰ শুল্ক সংগ্ৰহ আৰু প্ৰেৰণৰ দায়িত্ব পালন কৰিব।
যদিও CBP-এ ১৫ আগষ্ট ২০২৫ তাৰিখে প্ৰাথমিক নিৰ্দেশনা জাৰি কৰিছিল, তথাপিও “qualified parties”ৰ মনোনয়ন প্ৰক্ৰিয়া আৰু শুল্ক সংগ্ৰহ তথা প্ৰেৰণৰ ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যকৰীকৰণৰ বিশদ তথ্য এতিয়াও চূড়ান্ত হোৱা নাই।
এই অমীমাংসিত বিষয়ৰ বাবেই আমেৰিকামুখী আন্তঃৰাষ্ট্ৰীয় ডাক পৰিবহণৰ দায়িত্বত থকা বিমান পৰিবহণ কৰ্তৃপক্ষসমূহে ২৫ আগষ্টৰ পিছত ডাক গ্ৰহণ কৰিবলৈ অক্ষমতা প্ৰকাশ কৰিছে। কিয়নো তেওঁলোকৰ নতুন নিৰ্দেশনা পালনৰ বাবে প্ৰযুক্তিগত আৰু কাৰ্যকৰীভাৱে এতিয়াও প্ৰস্তুত হৈ উঠা নাই।
ফলত, ডাক বিভাগে ২৫ আগষ্টৰ পৰা আমেৰিকালৈ চিঠি/ নথিপত্ৰ আৰু ১০০ আমেৰিকান ডলাৰ পৰ্যন্ত মূল্যৰ উপহাৰ সামগ্ৰীৰ বাহিৰে সকলো আন্তঃৰাষ্ট্ৰীয় ডাক সামগ্ৰীৰ বুকিং স্থগিত কৰিব।
ডাক বিভাগে সকলো সংশ্লিষ্ট পক্ষৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰি পৰিস্থিতিৰ উন্নতিৰ ওপৰত নজৰ ৰাখিছে। প্ৰেছ তথ্য ব্যুৰো (PIB)ৰ মতে, আমেৰিকালৈ সম্পূৰ্ণ ডাক সেৱা যিমান পাৰি সোনকালে পুনৰ আৰম্ভ কৰাৰ প্ৰচেষ্টা চলি আছে।
যিসকল গ্ৰাহকে ইতিমধ্যে নতুন নিয়মৰ অধীনত ডাক প্ৰেৰণৰ বাবে পঞ্জীয়ন কৰিছিল তেওঁলোকৰ সামগ্ৰীৰ ডাক খৰচ ঘূৰাই দিয়া হ’ব। সেই সমূহ সামগ্ৰী প্ৰেৰণ কৰা নহ’ব। ডাক বিভাগে এই অসুবিধাৰ বাবে দুঃখ প্ৰকাশো কৰিছে।