উন্নত হৈছে ভাৰত-চীন সম্পৰ্কঃ বেইজিঙৰ পিছত নতুন দিল্লীয়েও আৰম্ভ কৰিছে পৰ্যটন ভিছা দিয়াৰ প্ৰক্ৰিয়া

ভাৰত চৰকাৰে পুনৰ চীনা নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰায় পাঁচ বছৰৰ পিছত ভাৰত চৰকাৰে চীনা নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰিব।

author-image
Tushar Pratim
New Update
উন্নত হৈছে ভাৰত-চীন সম্পৰ্কঃ বেইজিঙৰ পিছত নতুন দিল্লীয়েও আৰম্ভ কৰিছে পৰ্যটন ভিছা দিয়াৰ প্ৰক্ৰিয়া

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে পুনৰ চীনা নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰায় পাঁচ বছৰৰ পিছত ভাৰত চৰকাৰে চীনা নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰিব। জানিব পৰা মতে ২৪ জুলাই, ২০২৫ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া। বেইজিংস্থিত ভাৰতীয় দূতাবাসে এই কথা প্ৰকাশ কৰিছে।

Advertisment

উল্লেখ্য যে, চলিত বছৰৰ মাৰ্চ মাহৰ পৰা চীনেও ভাৰতীয় নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পিছত ভাৰত চৰকাৰেও অনুৰূপ ধৰণে পৰ্যটন ভিছা প্ৰদান কৰিবলৈ আগবঢ়া এই প্ৰক্ৰিয়াই দুয়োখন দেশৰ মাজৰ পৰ্যটন ক্ষেত্ৰখনক এক নতুন গতি দিয়াৰ লগতে দ্বিপাক্ষীক সম্পৰ্কও অধিক উন্নত হোৱাৰ আশা প্ৰকাশ কৰা হৈছে। 

ভাৰত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিছতে চীনৰ বৈদেশিক মন্ত্ৰণালয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দেশখনৰ বৈদেশিক মন্ত্ৰণালয়ে ভাৰত চৰকাৰৰ এই সিদ্ধান্তক ইতিবাচক পদক্ষে আখ্যা দিয়াৰ লগতে ভাৰতৰ সৈতে আলোচনা অব্যাহত ৰাখি দ্বিপাক্ষিক সম্পৰ্কক উন্নত কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ সাজু বুলি উল্লেখ কৰিছে। 

ৰাজনাথ সিং, এছ জয়শংকৰৰ ভ্ৰমণৰ পিছতে আৰম্ভ পৰ্যটন ভিছা দিয়াৰ প্ৰক্ৰিয়া

অতি শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দুটা পৃথক সময়ত চীন ভ্ৰমণ কৰি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে আলোচনাত মিলিত হৈছিল। ইয়াৰ পিছতে ভাৰতে চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰিবলৈ সাজু হোৱা বিষয়টো সেই ভ্ৰমণৰে ফলশ্ৰুতি বুলি ধাৰণা কৰা হৈছে। 

চীন-ভাৰত সংঘাতৰ পিছতে ভাৰতে গ্ৰহণ কৰিছিল একাধিক প্ৰতিৰোধমূলক সিদ্ধান্ত

২০২০ চনৰ এপ্ৰিলত পূৱ লাডাখৰ এল অ’চিত চীনা সেনাই ভাৰতীয় ভূ-খণ্ডত অবৈধভাৱে অনুপ্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই বছৰৰে ১৫ জুনত গালাৱন সীমান্তত চীনৰ সেনাৰ আক্ৰমণত ২০ জনকৈ ভাৰতীয় সেনা নিহত হৈছিল।

তাৰ পিছৰ পৰাই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অৱনমিত হৈছিল। যোৱা বছৰ ৰাছিয়াৰ কাজানত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ পাছতে দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমশঃ উন্নত হ’বলৈ ধৰে। দুয়ো পক্ষই ইয়াৰ বাবে বিভিন্ন পদক্ষেপো গ্ৰহণ কৰিছে।

মন কৰিবলগীয়া যে, গালৱানত সংঘটিত হোৱা আক্ৰমণৰ পিছতে ভাৰতে বহু চীনা এপ ভাৰতত নিষিদ্ধ কৰাকে ধৰি চীনৰ বিনিয়োগতো বাধা প্ৰদান কৰিছিল। ইফালে Covid-19 মহামাৰীৰ বাবে বেইজিঙে ভাৰতীয় আৰু অন্যান্য বিদেশী নাগৰিকক পৰ্যটন ভিছা প্ৰদান বন্ধ কৰি দিছিল। সেই সময়ত ভাৰতেও বিভিন্ন দেশৰ নাগৰিকক পৰ্যটন ভিছা দিয়াৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছিল।

২০২২ চনত বেইজিঙে সেই নিষেধাজ্ঞা শিথিল কৰিছিল যদিও ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত কঠোৰ হৈয়ে আছিল। যাৰ পৰিণতিত চীনৰ বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ভাৰতৰ শিক্ষাৰ্থীয়ে ভিছাৰ অসুবিধাৰ বাবে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। তাৰোপৰি চীনে অৰুণাচল প্ৰদেশৰ হোৱাৰ বাবেই একাধিক খেলুৱৈকো ভিছা প্ৰদান কৰাৰ পৰা বিৰত আছিল। 

ভাৰতে ইয়াৰ বিৰুদ্ধে উদ্বেগ প্ৰকাশ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও বেইজিঙে ইয়াৰ কোনো গুৰুত্ব দিয়া নাছিল। সেয়ে ভাৰতেও চীনৰ নাগৰিকক পৰ্যটন ভিছা দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ভাৰতৰ এনে সিদ্ধান্তৰ পিছতে চীনে ছাত্ৰ ভিছা আৰু ব্যৱসায়িক ভিছাৰ অনুমতি প্ৰদান কৰিছিল যদিও পৰ্যটন ভিছা বন্ধ কৰি ৰাখিছিল। 

ৰাছিয়াত হোৱা ব্ৰিকছ সন্মিলনত ভাৰত-চীন দেশৰ মুৰব্বীৰ আলোচনাৰ পিছতে চলিত বৰ্ষৰ মে’ মাহত দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ হয় আৰু বেইজিঙে ভাৰতীয় নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰিবলৈ আৰম্ভ কৰে।

চীনৰ এই পদক্ষেপৰ পিছত এতিয়া ভাৰতেও একে পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰৰ পৰা পুনৰ চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰিব নতুন দিল্লীয়ে।

আমেৰিকাৰ শুক্ল নীতিয়ে মুকলি কৰিছে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ পথ

২০২১ চনৰ জানুৱাৰী মাহত চুছুল-মালডো পইণ্টত দুয়োখন সেনাবাহিনীৰ কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত এল অ' চিৰ কিছুমান অঞ্চলত ‘ডিচেংগেজমেণ্ট’ আৰু ‘ডি-এস্কেলেচন’ৰ ওপৰত একমত হৈছিল। কিন্তু পাংগং হ্ৰদৰ সমীপৰ ফিংগাৰ এৰিয়া, উত্তৰ-পূবৰ দেপছাং উপত্যকা, দক্ষিণ-পূব লাডাখৰ ডেমচাককে ধৰি বিভিন্ন অঞ্চলৰ সমস্যা সমাধান নোহোৱাকৈয়ে থাকিল। 

যোৱা বছৰ মোডী-জিনপিং বৈঠকৰ পিছত সেই সমস্যা সমাধানৰ আভাস পোৱা গৈছিল। ইয়াৰ পাছত শেহতীয়াকৈ আমেৰিকাই নতুন শুল্ক নীতি ঘোষণা কৰাৰ পাছত বেইজিঙে ভাৰতৰ সৈতে কূটনৈতিক সমীকৰণ উন্নত কৰাৰ বাবে অধিক উদ্যোগ লৈছে।

শেহতীয়াকৈ ভাৰতৰ পৰাও আৰম্ভ হৈছে কৈলাশ-মানসৰোৱৰ যাত্ৰা। জিনপিং প্ৰশাসনে ভাৰত আৰু চীনৰ শক্তিৰ কথা কওঁতে ভাৰতক ‘হাতী’ আৰু নিজকে ‘অজগৰ’ৰ হিচাপে উল্লেখ কৰি আহিছে।

বেইজিঙৰ ভাষাত অজগৰ আৰু হাতীৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ। অজগৰ আৰু হাতীয়ে একেলগে নাচিব লাগিব। ইজনে সিজনৰ বিৰুদ্ধে কথা কোৱাৰ পৰিৱৰ্তে ইজনে সিজনক সহায় কৰিব লাগিব। তেতিয়াহে দুয়োখন দেশৰ মাজত লাভালাভ দেখা যাব। এছিয়াৰ এই দুয়ো বৃহৎ অৰ্থনীতি যদি একত্ৰিত হয় তেন্তে ই সমগ্ৰ বিশ্বৰ বাবে উপকাৰী হ'ব।"

 

চীন ভাৰত-চীন সংঘাত