/asomiyapratidin/media/media_files/2025/06/27/uyjjj-2025-06-27-10-56-39.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিবন্ধকতাৰ মাজতো ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত উন্নয়নক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে। বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো ভাৰতে শক্তিশালী বৃদ্ধি বজাই ৰাখিবলৈ যি যি প্ৰকল্পৰ কাম হাতত লৈছে তাক লৈ শেহতীয়াকৈ প্ৰশংসা কৰিছে ভাৰতৰ বিশ্ব বেংকৰ সঞ্চালক অগাষ্ট কৌয়ামে।
ভাৰতে বিত্তীয় বৰ্ষ ২৬ত জিডিপি ৬.৩% বৃদ্ধিৰ সৈতে শক্তিশালী ঘৰুৱা অৰ্থনীতিৰ বাবে কৰা পৰিকল্পনাই ফলপ্ৰসূ হব বুলি তেওঁ মন্তব্য কৰিছে। তেওঁ লগতে কয় যে, অৰ্থনৈতিকভাৱে যথেষ্ট আগবাঢ়িলেও কিন্তু স্থবিৰ উৎপাদন বৃদ্ধি আৰু ৰাজ্যসমূহৰ মাজত ক্ৰমাৎ বিচ্ছিন্নতাকে ধৰি প্ৰত্যাহ্বানসমূহ এতিয়াও আছে।
কৃত্ৰিম বুদ্ধিমত্তা, শক্তি, আৰু দক্ষতা বিকাশক মূল বৃদ্ধিৰ চালক হিচাপে লৈ ভাৰত আগন্তুক সময়ত বিশ্ব অৰ্থনীতিত অপ্ৰতিৰোধ্য শক্তি হিচাৰে চিহ্নিত হব বুলি তেওঁ মন্তব্য প্ৰদান কৰে।