বিশ্বৰ অৰ্থনীতিত জাপানক অতিক্ৰম কৰি চতুৰ্থত উপনীত হ’ব ভাৰত

বিশ্ব অৰ্থনীতিত উত্থান ঘটিছে ভাৰতৰ । ২০২৫ বৰ্ষত ভাৰতে ভালেখিনি সফলতা লাভ কৰা বুলি শেহতীয়া তথ্যত প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
বিশ্বৰ অৰ্থনীতিত জাপানক অতিক্ৰম কৰি চতুৰ্থত উপনীত হ’ব ভাৰত

বিশ্বৰ অৰ্থনীতিত জাপানক অতিক্ৰম কৰি চতুৰ্থত উপনীত হ’ব ভাৰত

ডিজিটেল ডেস্ক : বিশ্ব অৰ্থনীতিত উত্থান ঘটিছে ভাৰতৰ । ২০২৫ বৰ্ষত ভাৰতে ভালেখিনি সফলতা লাভ কৰা বুলি শেহতীয়া তথ্যত প্ৰকাশ কৰিছে ।  

Advertisment

চলিত বৰ্ষৰ এপ্ৰিললৈকে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ শেহতীয়া ৱৰ্ল্ড ইকনমিক আউটলুক সামৰি এক প্ৰতিবেদন যুগুত কৰা হৈছে। এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বৰ্ষতে ভাৰত জাপানক চেৰ পেলাই বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি দেশ হিচাপে পৰিগণিত হ’ব। 

উল্লেখযোগ্য যে, ২০২৫ চনত ভাৰতৰ নামমাত্ৰ জিডিপি ৪,১৮৭.০১৭ বিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে। যিটো জাপানৰ সম্ভাৱ্য জিডিপিতকৈ কিছু পৰিমাণে বেছি।

তাৰোপৰি ২০২৪ চনলৈকে ভাৰত বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি আছিল যদিও চলি থকা বছৰটোত ই আই এম এফৰ শেহতীয়া ভৱিষ্যদ্বাণী অনুসৰি চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ সম্ভাৱনা আছে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি অনাগত বছৰবোৰত ভাৰতে জাৰ্মানীকো অতিক্ৰম কৰি তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ সম্ভাৱনা আছে। 

২০২৮ চনৰ ভিতৰত ভাৰতৰ জিডিপি ৫,৫৮৪.৪৭৬ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে। যিটো জাৰ্মানীৰ ৫,২৫১.৯২৮ বিলিয়ন ডলাৰতকৈ অধিক। ৫,০৬৯.৪৭ বিলিয়ন ডলাৰৰ জিডিপিৰে ২০২৭ চনত ভাৰত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ পৰিণত হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰে।

Indian Economy