/asomiyapratidin/media/media_files/2025/01/12/UmlqqJSTvxU254eiWT8O.png)
ডিজিটেল ডেস্কঃ আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে দেশৰ ৰাষ্ট্ৰীয় জলপথ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ধাৰাবাহিক পদক্ষেপ আৰু বিনিয়োগৰ কথা ঘোষণা কৰিছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই আয়োজন কৰা আই ডব্লিউ ডি চিৰ দ্বিতীয়খন বৈঠকত আগন্তুক পাঁচ বছৰত ৫০ হাজাৰ কোটি টকাৰো অধিক বিনিয়োগৰ পৰিকল্পনা ঘোষণা কৰা হয়।
অসমৰ কাজিৰঙাৰ কহৰাত অনুষ্ঠিত হোৱা বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে পৰিবহণ আৰু জলপথৰ দায়িত্বত থকা বিভিন্ন ৰাজ্যিক মন্ত্ৰীকে ধৰি গুৰুত্বপূৰ্ণ মন্ত্ৰী আৰু বিষয়াসকল উপস্থিত থাকে।
সভাত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভ্যন্তৰীণ জলপথ খণ্ডক পুনৰুজ্জীৱিত কৰাত গুৰুত্ব আৰোপ কৰি কয় যে, “আভ্যন্তৰীণ জলপথ শক্তিশালী কৰাৰ বাবে ইউনিয়ন আৰু ৰাজ্য দুয়োখন চৰকাৰে একাধিক দিশৰ ওপৰত আলোচনা, বিতৰ্ক আৰু গুৰুত্ব দিয়াৰ বাবে আই ডব্লিউ ডি চিয়ে সমবায় ফেডাৰেলিজমৰ বাবে এক নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছে।”
“ঐতিহাসিকভাৱে সভ্যতাৰ বাবে অভ্যন্তৰীণ জলপথৰ ভূমিকা সৰ্বোচ্চ। কিন্তু উন্নয়নৰ এই মৌলিক নীতি ২০১৪ চনলৈকে আওকাণ হৈ থাকিল।আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমি আভ্যন্তৰীণ জলপথৰ সমৰ্থন ব্যৱস্থাক সজীৱ কৰাৰ প্ৰয়াস কৰিছো যাতে আমি ৰে’লপথ আৰু পথৰ যানজঁট মুক্ত কৰি একে সময়তে, এটা কাৰ্য্যকৰী ব্যৱস্থা প্ৰদান কৰোঁ, যাত্ৰী আৰু কাৰ্গো অপাৰেটৰ উভয়ৰে বাবে অৰ্থনৈতিক, বহনক্ষম আৰু কাৰ্যক্ষম পৰিবহণৰ পদ্ধতি,”- সোণোৱালে লগতে এঅদৰে উল্লেখ কৰে ।
এই বৈঠকত ২১খন আভ্যন্তৰীণ জলপথ থকা ৰাজ্যত ১৪০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও পদক্ষেপ উন্মোচন কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে আভ্যন্তৰীণ জলপথ পৰিবহণ নেটৱৰ্কক শক্তিশালী কৰা, বাণিজ্য আৰু পৰ্যটনক প্ৰসাৰ কৰা আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে নতুন সুযোগ সৃষ্টি কৰা।
ইয়াৰ অন্যতম মূল ঘোষণা আছিল উপকূলীয় সম্প্ৰদায়সমূহৰ আৰ্থ-সামাজিক মংগল উন্নত কৰাৰ লক্ষ্যৰে ৰিভাৰাইন কমিউনিটি ডেভেলপমেণ্ট আঁচনি আৰম্ভ কৰা। এই আঁচনিখনে আন্তঃগাঁথনি উন্নয়ন, বাণিজ্য আৰু পৰ্যটনৰ প্ৰসাৰ, নদীৰ পৰিৱেশ তন্ত্ৰ বৃদ্ধি, আৰু ৰাষ্ট্ৰীয় জলপথৰ কাষত বাস কৰা সম্প্ৰদায়সমূহৰ বাবে দক্ষতা সমৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আভ্যন্তৰীণ জাহাজৰ নিৰৱচ্ছিন্ন আৰু নিৰাপদ গতিবিধি নিশ্চিত কৰাৰ বাবে ৰচনা কৰা নেশ্যনেল ৰিভাৰ ট্ৰেফিক এণ্ড নেভিগেচন চিষ্টেম (এন আৰ টি এণ্ড এন এছ) মুকলি কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰিও জাহাজৰ মালিকসকলৰ বাবে প্ৰমাণীকৰণ প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ কেন্দ্ৰীয় ডাটাবেছ মডিউল আৰু প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰৱৰ্তন কৰা হৈছিল। যাৰ ফলত এই খণ্ডত মসৃণ কাৰ্য্যকলাপ প্ৰসাৰিত হৈছিল।
এই উপলক্ষে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ উন্নয়নৰ ইতিবাচক প্রভাৱৰ ওপৰত আলোকপাত কৰি এই পদক্ষেপৰ প্রতি সমর্থন প্রকাশ কৰে৷ ‘এই উন্নয়নে কেৱল পৰিবহণ ব্যৱস্থা বৃদ্ধি কৰাই নহয়, অসমক এক প্ৰধান পৰ্যটনস্থলী হিচাপেও স্থান দিব বুলি উল্লেখ কৰি তেওঁ কয় যে শক্তিশালী আন্তঃগাঁথনিয়ে ৰাজ্যৰ বহল উন্নয়নৰ লক্ষ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।