ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ'ব বিশ্ব পেৰা এথলেটিক চেম্পিয়নশ্বিপ। প্ৰথমবাৰৰ বাবে ২০২৫ চনৰ নৱেম্বৰ মাহত ভাৰতে এই মেগা ইভেন্ট আয়োজন কৰিব। নতুন দিল্লী জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা।
ভাৰতীয় পেৰা অলিম্পিক কমিটিয়ে আন্তঃৰাষ্ট্ৰীয় পেৰা কমিটিৰ সৈতে এই সন্দৰ্ভত যাৱতীয় চুক্তিও স্বাক্ষৰিত কৰিছে। প্ৰতিযোগিতাখনত বিশ্বৰ ১০০ খন দেশৰ ১০০০জন খেলুৱৈয়ে অংশ ল'ব। এই মেগা ইভেন্টৰ বাবে জৱাহৰলাল নেহেৰু ষ্টেডিয়ামৰ আন্তঃগাঁথনিৰ কাম উন্নত কৰিবলৈ ৪০ৰ পৰা ৫০ কোটি টকা ব্যয় কৰিব লাগিব।
বিশ্বৰ পেৰা এথলেটিকচৰ মান পূৰণ কৰিবলৈ নতুন ছেনথেটিক টেগ স্থাপন কৰিব লাগিব ষ্টেডিয়ামখনত। তাৰপাছতে আন্তঃৰাষ্ট্ৰীয় পেৰা অলিম্পিক সন্থাৰ পৰা ভাৰতে আপত্তীবিহিন প্ৰমাণ পত্ৰ লাভ কৰিব। আয়োজক দেশ হিচাপে ভাৰতে এই প্ৰতিযোগিতাত বিশেষভাৱে সক্ষম লোক সকলৰ বাবে ক্ৰীড়াক আগবঢ়াই নিয়া এক সুযোগ লাভ কৰিব।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০২৪ চনত জাপানৰ কোবেত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। উক্ত প্ৰতিযোগিতাত ভাৰতে পদকৰ তালিকাত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতে জয় কৰা পদক সমূহৰ ভিতৰত আছিল ৬ টা সোণ,৫ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জ।