প্ৰথমবাৰৰ বাবে ভাৰত মহাসাগৰত যৌথ অনুশীলনৰ বাবে সাজু ভাৰত আৰু আফ্ৰিকা...

সংস্কৃতত একম মানে ঐক্য আৰু এই অনুশীলনৰ জৰিয়তে অঞ্চলটোৰ বিভিন্ন নৌসেনাই একেলগে কাম কৰিবলৈ শিকিব। তাঞ্জানিয়াৰ দাৰ-ইছ-ছালাম বন্দৰৰ সমীপত ভাৰতীয় নৌসেনা আৰু তাঞ্জানিয়ান সেনাই যৌথভাৱে আয়োজন কৰা একামৰ আয়োজন কৰা হৈছে ।

author-image
Asomiya Pratidin
New Update
্ি্ি

ডিজিটেল ডেস্কঃ  ভাৰত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা সুদৃঢ় কৰাৰ বাবে ভাৰতীয় নৌসেনাই বন্ধু দেশসমূহৰ সৈতে দুটা বৃহৎ যৌথ অনুশীলনত অংশ ল'ব। ১৩ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ তাঞ্জানিয়াৰ উপকূলত নৌসেনাৰ যৌথ অনুশীলন কৰিব ভাৰত আৰু আফ্ৰিকাৰ ১০খন দেশে ৷

ইয়াৰ সমান্তৰালকৈ ৫ এপ্ৰিলৰ পৰা ৮ মে’লৈ ভাৰতৰ নৌসেনাৰ যুদ্ধজাহাজ আই এন এছ সুনয়নাক দক্ষিণ-পশ্চিম ভাৰত মহাসাগৰত নিয়োগ কৰা হ’ব, য’ত ভাৰতকে ধৰি ১০খন দেশৰ নৌসেনা বাহিনী থাকিব। এই যৌথ দলটোৱে এমাহৰো অধিক সময় সাগৰত নিৰাপত্তা, চোৱাচিতা আৰু দুৰ্যোগ সাহায্যৰ অনুশীলন কৰিব।
উল্লেখযোগ্য যে, সংস্কৃতত একম মানে ঐক্য আৰু এই অনুশীলনৰ জৰিয়তে অঞ্চলটোৰ বিভিন্ন নৌসেনাই একেলগে কাম কৰিবলৈ শিকিব। তাঞ্জানিয়াৰ দাৰ-ইছ-ছালাম বন্দৰৰ সমীপত ভাৰতীয় নৌসেনা আৰু তাঞ্জানিয়ান সেনাই যৌথভাৱে একামৰ আয়োজন কৰিছে ।
এই অনুশীলনত ভাৰতৰ উপৰিও ক’মৰ’ছ, কেনিয়া, মাদাগাস্কাৰ, মালদ্বীপ, মৰিচাছ, মোজাম্বিক, ছিচেলছ, শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ নৌসেনাক ভাৰতীয় যুদ্ধজাহাজ আই এন এছ সুনয়নাত নিয়োগ কৰা হ’ব। এমাহৰো অধিক সময় চলিবলগীয়া এই অনুশীলনত বন্ধুত্বপূৰ্ণ বিদেশী দেশৰ নৌসেনাই কোচিৰ ভাৰতীয় নৌসেনা প্ৰশিক্ষণ বিদ্যালয়ত আৰু পিছলৈ আই এন এছ সুনয়নাত প্ৰশিক্ষণ ল’ব।
নৌসেনা ভাৰতীয় নৌসেনা