/asomiyapratidin/media/media_files/2025/03/06/uZ3nBUNxxcjcX7BvYOcc.jpg)
ভাৰত হ’ব বিশ্বৰ ৰাসায়নিক যোগানৰ কেন্দ্ৰ
ডিজিটেল ডেস্ক : বিশ্বৰ ৰাসায়নিক যোগানৰ কেন্দ্ৰ হ’ব পাৰে ভাৰত। এই কথা প্ৰকাশ পাইছে এক প্ৰতিবেদনত। ভাৰতীয় ৰাসায়নিক পৰিষদৰ সহযোগত মেককিনজী এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতে যোৱা ৫বছৰত ব্যয়ৰ প্ৰতিযোগিতামূলক ক্ষমতা আৰু বজাৰৰ আকৰ্ষণীয়তা প্ৰদৰ্শন কৰি ৰাসায়নিক পদাৰ্থৰ বাবে বিশ্বব্যাপী যোগানৰ কেন্দ্ৰ হিচাপে বিবেচিত হ’ব পাৰে।
এই প্ৰতিবেদনত ৰাসায়নিক যোগানত সোৱাদ, সুগন্ধি, খাদ্য আৰু পুষ্টি ভিত্তিক ৰাসায়নিক পদাৰ্থকে ধৰি ১৬টা বিশেষ ৰাসায়নিক উপ-খণ্ডৰ ভাৰতৰ প্ৰধান অৱদানৰ ওপৰত আলোকপাত কৰা হৈছে। উদ্যোগৰ মাৰ্জিন হ্ৰাস পোৱা আৰু অৰ্থনৈতিক চাপৰ প্ৰভাৱৰ পিছতো ৰাজহ বৃদ্ধিৰ হাৰ উৎসাহজনক হোৱাটোও এক কাৰক হিচাপে বিবেচনা কৰা হৈছে প্ৰতিবেদনত।
এই সকলো দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে বিশ্বৰ ৰাসনিক যোগানৰ কেন্দ্ৰ ভাৰত হ’লেও একো আচৰিত হ’বলগীয়া নাই।