Advertisment

বিদেশত নিৰ্মিত লেপটপ বিক্ৰীত নিষেধাজ্ঞা আনিব ভাৰতে...

এক প্ৰতিবেদন অনুসৰি চৰকাৰী বিষয়াসকলে উল্লেখ কৰিছে যে এইচ পি আৰু ডেলৰ দৰে কোম্পানীয়ে আগন্তুক বিত্তীয় বৰ্ষত স্থানীয় উৎপাদন বৃদ্ধি কৰিবলৈ সাজু হৈছে। ইয়াৰ উপৰিও দেশৰ ভিতৰত উপাদান উৎপাদনৰ বাবে এক শক্তিশালী পৰিৱেশ তন্ত্ৰ স্থাপনৰ প্ৰচেষ্টা চলি আছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ বিশ্ববিখ্যাত লেপটপ নিৰ্মাতা আৰু পিএলআই আঁচনিৰ দৰে পদক্ষেপৰ সহযোগত ভাৰতে নিজকে লেপটপ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈছে। ভাৰত চৰকাৰে লেপটপ আমদানিত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পৰিৱৰ্তে প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাত মনোনিৱেশ কৰিবলৈ গুৰুত্ব আৰোপ কৰিব । এই পন্থাটো চৰকাৰৰ কৌশলৰ সৈতে সামঞ্জস্যপূৰ্ণ, যাতে তৎক্ষণাত আমদানিত বাধা নিদিয়াকৈ স্থানীয় উৎপাদনক উৎসাহিত কৰা হয়।

Advertisment

আমদানি নিষেধাজ্ঞাৰ পৰা ঘৰুৱা উৎপাদনলৈ স্থানান্তৰ......

প্ৰথম অৱস্থাত চৰকাৰে ২০২৩ চনৰ ৩ আগষ্টত লেপটপ আমদানি নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল, যিটো ২০২৩ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল। কিন্তু এই পদক্ষেপে এইচ পি আৰু ডেলৰ দৰে নিৰ্মাতা কোম্পানীসমূহৰ প্ৰতিৰোধৰ সন্মুখীন হোৱাত চৰকাৰে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ বাধ্য হয়। এতিয়া বিষয়াসকলে বিশ্বাস কৰে যে ঘৰুৱা উৎপাদন বৃদ্ধি পোৱাৰ লগে লগে আমদানিকৃত লেপটপৰ ওপৰত নিৰ্ভৰশীলতা স্বয়ংক্ৰিয়ভাৱে হ্ৰাস পাব।  স্মাৰ্টফোন উদ্যোগতো একেধৰণৰ ধাৰা দেখা পোৱা গৈছে ।

ঘৰুৱা উৎপাদন বৃদ্ধি.....

এক প্ৰতিবেদন অনুসৰি চৰকাৰী বিষয়াসকলে উল্লেখ কৰিছে যে এইচ পি আৰু ডেলৰ দৰে কোম্পানীয়ে আগন্তুক বিত্তীয় বৰ্ষত স্থানীয় উৎপাদন বৃদ্ধি কৰিবলৈ সাজু হৈছে। ইয়াৰ উপৰিও দেশৰ ভিতৰত উপাদান উৎপাদনৰ বাবে এক শক্তিশালী পৰিৱেশ তন্ত্ৰ স্থাপনৰ প্ৰচেষ্টা চলি আছে।

 

লেপটপ আৰু অন্যান্য ইলেক্ট্ৰনিকছ উৎপাদনত সহায়ক হোৱাকৈ অৰ্ধপৰিবাহী খণ্ডত বিনিয়োগ আকৰ্ষণ কৰাত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে। কিন্তু জাপান, আমেৰিকা, ইউৰোপ, চীন আদি দেশে কৰা বিনিয়োগৰ তুলনাত অৰ্ধপৰিবাহী খণ্ডৰ বাবে ভাৰতৰ ১০ বিলিয়ন ডলাৰৰ বাজেট তুলনামূলকভাৱে কম।

স্থানীয় উৎপাদনক উৎসাহিত কৰিবলৈ চৰকাৰে প্ৰথমে লেপটপ আমদানি নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল।কিন্তু সেয়া কাৰ্ষকৰী হৈ নুঠিল । উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বিশেষ কৌশলে স্মাৰ্টফোন খণ্ডতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । ত সম্পূৰ্ণৰূপে আমদানি নিষেধাজ্ঞা আৰোপ নকৰাকৈয়ে ঘৰুৱা উৎপাদন বৃদ্ধি কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰ নেৰেন্দ্ৰ মোডী