/asomiyapratidin/media/media_files/2025/03/27/0KZ86cqzdzCOlvAB86pg.png)
চাহ ৰপ্তানিত দ্বিতীয় স্থানত ভাৰত
ডিজিটেল ডেস্ক: চাহ উদ্যোগৰ বাবে ভাল খবৰ। ২০২৪ চনত ভাৰতে ৰপ্তানি কৰিছে ২৫৪ নিযুত কেজি চাহ। যাৰবাবে চাহ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্বাধিক দেশ হিচাপে পৰিগণিত হৈছে। শ্ৰীলংকাক অতিক্ৰম কৰি এই দ্বিতীয় স্থান দখল কৰে ভাৰতে। ইফালে চাহ ৰপ্তানিত কেনিয়াই প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে। ভাৰতীয় চাহ ব’ৰ্ডে প্ৰকাশ কৰিছে এই তথ্য়।
২০২৩ চনত ভাৰত আৰু শ্ৰীলংকাই চাহ ৰপ্তানিৰ ক্ষেত্ৰত সমানে আগুৱাইছিল যদিও ২০২৪ চনত ভাৰতে ২৪ মেগাগ্ৰাম অধিক ৰপ্তানিৰে দ্বীপ ৰাষ্ট্ৰখনক পিছ পেলায়।। বিগত বৰ্ষত ভাৰতৰ চাহ ৰপ্তানিৰ পৰিমাণ আছিল ৭,১১২ কোটি টকা। যোৱা কেইবাবছৰ ধৰি ভাৰতৰ ৰপ্তানিৰ পৰিসংখ্যা ২০১৮ চনৰ বাহিৰে ২০০-২২৫ মেগাকিলোগ্ৰামৰ ওচৰত থকাৰ বিপৰীতে এই বৃদ্ধিয়ে চাহ উদ্যোগটোক ২০৩০ চনৰ ভিতৰত ৩০০ মেগাগ্ৰাম কেজিৰ সীমা স্পৰ্শ কৰাৰ আশা প্ৰদান কৰিছে।
উল্লেখযোগ্য যে, ভাৰতত প্ৰতি বছৰে গড়ে ১৪০০ মেগাগ্ৰাম চাহ উৎপাদন হয়। ৰপ্তানিৰ বৃহৎ অংশ গতানুগতিক খণ্ডৰ পৰা। এই বৃদ্ধিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা বিভিন্ন আঁচনিয়ে সহায় কৰিছে। ভাৰতীয় চাহ সন্থাৰ মহাসচিব প্ৰবীৰ কুমাৰ ভট্টাচাৰ্জীয়ে সদৰী কৰে যে, কেন্দ্ৰৰ অনুকূল ৰপ্তানি নীতি আৰু ৰাজ্য চৰকাৰৰ সমৰ্থনত উদ্যোগটোৱে আগন্তুক বছৰবোৰত ৰপ্তানিৰ টোপোলা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আশাবাদী সকলো।