/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/ss.png)
ডিজিটেল ডেস্ক: যুদ্ধগ্ৰস্থ ইউক্ৰেইনত ৰাছিয়াৰ গুলীবৰ্ষত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰৰ মৃতদেহ সোমবাৰে স্বদেশলৈ উভতাই অনা হয়।খাৰকীভ নেছনেল মেডিকেল ইউনিভাৰ্চিটিত মেডিকেলৰ অন্তিম বৰ্ষৰ ছাত্ৰ নবীন শেখৰপ্পাৰ ১ মাৰ্চত মৃত্যু হৈছিল।
ছাত্ৰ গৰাকীৰ পৰিয়ালৰ কিছু লোক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে মৃতদেহ আনিবলৈ বিমান বন্দৰত উপস্থিত হয়। আজি নবীনৰ মৃতদেহত জনতাই শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।
উল্লেখ্য যে, নবীনৰ মৃতদেহ তেওঁৰ পৰিয়াল বৰ্গই কৰ্ণাটকৰ এছএছ মেডিকেল কলেজলৈ দান কৰিব।পৰিয়ালৰ লোকে কয় যে নবীনৰ ডাক্তৰ হোৱাৰ সপোন পূৰণ নহল আৰু সেইবাবে তেওঁৰ মৃতদেহ মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰী সকললৈ দান কৰা হ'ব।
নবীনৰ পৰিয়াল বৰ্গই চৰকাৰ তথা প্ৰশাসনত ধন্যবাদ জ্ঞাপন কৰি কয় যে যুদ্ধগ্ৰস্থ এখন দেশৰ পৰা মৃতদেহ অনাটো সহজ নহয়। কিন্তু তাৰ পাছটো চৰকাৰে এই ব্যৱস্থা কৰাৰ বাবে তেওঁলোক ধন্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us