/asomiyapratidin/media/media_files/2025/04/13/IN4qvVAW0FkuVaL53gOo.jpg)
ভাৰতৰ দীৰ্ঘম্যাদী বিনিয়োগ কৰাৰ সময়
ডিজিটেল ডেস্ক: আমেৰিকাই শুল্ক আৰোপ বন্ধ কৰাৰ পিছত বহুতে হয়তো সকাহৰ উশাহ লৈছিল। সম্প্ৰতি বিশ্বৰ বজাৰত আগতীয়া মন্দাৱস্থাৰ আশংকাৰ পৰা বিৰতি পাইছে যদিও এইচ ডি এফ চি বেংককে ধৰি কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানৰ ব’ৰ্ডত বহি থকা প্ৰবীণ বেংকাৰ কেকি মিষ্ট্ৰীয়ে বাণিজ্য শুল্ক সম্পৰ্কে আলোচনা কৰাৰ সময়ত ভাৰতৰ পক্ষত চলি থকা কাৰকসমূহৰ কথা আঙুলিয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে, “মোৰ মতে ভাৰতীয় বজাৰসমূহ অতি শক্তিশালী আৰু মই নাভাবো যে আমি চিন্তা কৰাৰ প্ৰয়োজন। ব্যক্তিগতভাৱে যদি মই বিনিয়োগৰ দিশটো চাই আছিলো তেন্তে মই ভাবিম যে এইটো দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে এটা ভাল সময় যদিও হ্ৰস্বম্যাদী অস্থিৰতা আছে।”
“ভাৰতৰ বাণিজ্য শুল্কৰ প্ৰভাৱ বৃহৎ নহ’ব কিয়নো ভাৰত এতিয়াও বৃহৎ ৰপ্তানিকাৰক নাছিল আৰু ভাৰত বহুলাংশে ঘৰুৱা অৰ্থনীতিৰ উপৰত নিৰ্ভৰশীল।” বজাৰ সন্দৰ্ভত তেওঁ কয়, “বজাৰসমূহে অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰেআমি নিজকে বিচ্ছিন্নভাৱে নহয় আপেক্ষিক ভিত্তিত চোৱাৰ প্ৰয়োজন। যেতিয়ালৈকে আমি প্ৰতি বছৰে কলেজ কেম্পাছৰ পৰা সতেজ হৈ অহা যুৱক-যুৱতীসকলৰ বাবে চাকৰিৰ সৃষ্টি কৰি যাব পাৰিম, তেতিয়ালৈকে আমাৰ অৰ্থনীতি বৃদ্ধি পাই থাকিব।’
তেওঁ উল্লেখ কৰে যে, “শুল্কৰ ওপৰত আলোচনা অতিৰিক্ত হৈ পৰিছে।”“ৰপ্তানি ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) অতি বৃহৎ অংশ নহয় ভাৰতৰ জিডিপি হ’ব ৪০ৰ পৰা ৫০ বিপিএছ (বেছিছ পইণ্ট)। "তেলৰ দাম হ্ৰাস পোৱাটো ক্ষতিপূৰণ হ'ব। ইয়াৰ উপৰিও ভাৰতীয় ৰিজাৰ্ভ বেংকেও এতিয়া ব্যৱস্থাটোত লিকুইডিটিৰ প্ৰৱেশ ঘটাইছে। "তেলৰ মূল্য কমি যোৱাটোৱে ১০ বিপিএছ সহায় কৰিব আৰু লিকুইডিটি ইনফিউজনে জিডিপিত আৰু ১০ বিপিএছ যোগ কৰিব। গতিকে “জিডিপিৰ ওপৰত নিকা প্ৰভাৱ ২৫ৰ পৰা ৩০ বিপিএছতকৈ বেছি নহ’ব” বুলি সদৰি কৰে প্ৰবীণ বেংকাৰ কেকি মিষ্ট্ৰীয়ে।