ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰাখিলে পাকিস্তান ধ্বংস হ’বঃ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী

পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলৱালে উক্ত বিষয় সন্দৰ্ভত ডেনমাৰ্ক, গ্ৰীচ, পানামা, জাপানৰ দৰে ৰাষ্ট্ৰসংঘৰ সদস্যক সাক্ষাৎ কৰে। লগতে সিন্ধু জল চুক্তি পুনৰুদ্ধাৰৰ বাবে ভাৰতক হেঁচা প্ৰয়োগ কৰিবলৈ দাবী জনায়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
mm

ডিজিটেল ডেস্কঃ   সিন্ধু জল চুক্তি স্থগিত ৰখা সিদ্ধান্তই টোপনি হৰিছে পাকিস্তানৰ। এই সিদ্ধান্তৰ ফলত পাকিস্তানৰ কৃষি, খোৱাপানী আনকি বিদ্যুৎ উৎপাদন স্তব্ধ হৈ পৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে পাকিস্তানে। 

Advertisment

এই সন্দৰ্ভত পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীয়ে নিজেই এটা প্ৰতিনিধি দল লৈ নিউয়ৰ্কত উপস্থিত হয়। ইয়াত তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্মুখত ভাৰতৰ বিষয়ে অভিযোগ উত্থাপন কৰে।

বিলোৱালে কয় যে, যদি ভাৰতে সিন্ধু জল চুক্তি সম্পূৰ্ণৰূপে স্থগিত ৰাখে তেন্তে পাকিস্তান ধ্বংস হ’ব।পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলৱালে উক্ত বিষয় সন্দৰ্ভত ডেনমাৰ্ক, গ্ৰীচ, পানামা, জাপানৰ দৰে ৰাষ্ট্ৰসংঘৰ সদস্যক সাক্ষাৎ কৰে। লগতে সিন্ধু জল চুক্তি পুনৰুদ্ধাৰৰ বাবে ভাৰতক হেঁচা প্ৰয়োগ কৰিবলৈ দাবী জনায়। পাকিস্তানী প্ৰতিনিধি দলটোৱে ভাৰতৰ কথিত ‘অপাৰেচন সিন্দুৰ’ৰ কথাও উল্লেখ কৰে।

ইয়াৰোপৰি বিলৱালে ভাৰতীয় ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বিষয়েও কয় আৰু পাকিস্তানে সংযমেৰে কাম কৰা বুলি দাবী কৰে। ৰাষ্ট্ৰসংঘত নিজৰ মতামত দাঙি ধৰাৰ পিছত বিলৱাল আৰু তেওঁৰ প্ৰতিনিধি দল এতিয়া ৱাশ্বিংটন, লণ্ডন আৰু ব্ৰাছেলছলৈ যাব, যাতে অধিক সংখ্যক দেশক নিজৰ পক্ষত আনিব পৰা যায়।

উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জনকৈ পৰ্যটকৰ মৃত্যু হোৱাৰ পিছত ভাৰতে সিন্ধু জল চুক্তি আংশিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

সিন্ধু জল চুক্তি