দিল্লীত পাকিস্তান উচ্চায়ুক্তলৈ বাতৰি কাকতৰ যোগান বন্ধৰ সিদ্ধান্ত ভাৰতৰ...

ইছলামাবাদৰ এনে হঠকাৰী সিদ্ধান্ত সমূহৰ পাছতে ভাৰতে নতুন দিল্লীৰ পাকিস্তানৰ উচ্চায়ুক্তলৈ বাতৰি কাকতৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত প্ৰতিশোধমূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰিছে।

New Update
1

ডিজিটেল ডেস্কঃনতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তলৈ বাতৰি কাকতৰ যোগান বন্ধ কৰি দিয়াৰ খবৰ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি, পাকিস্তানে ইছলামাবাদত ভাৰতীয় কূটনীতিবিদৰ ঘৰত গেছৰ যোগান বন্ধ কৰি দিছে।

Advertisment

স্থানীয় গেছ চিলিণ্ডাৰ যোগানকাৰীসকলকো ভাৰতীয় কূটনীতিবিদক গেছ চিলিণ্ডাৰ বিক্ৰী নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰোপৰি ইছলামাবাদে ভাৰতীয় কূটনীতিবিদক পানী আৰু বাতৰি কাকতৰ যোগানো বন্ধ কৰি দিয়াৰ তথ্য পোৱা গৈছে।

ইছলামাবাদৰ এনে হঠকাৰী সিদ্ধান্ত সমূহৰ পাছতে ভাৰতে নতুন দিল্লীৰ পাকিস্তানৰ উচ্চায়ুক্তলৈ বাতৰি কাকতৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত প্ৰতিশোধমূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানে গেছ, পানী আৰু বাতৰি কাকত বন্ধ কৰাৰ সিদ্ধান্ত লৈ ভিয়েনা কনভেনচন অন ডিপ্লমেটিক ৰিলেচনছ (১৯৬১)ৰ উলংঘা কৰিছে। চুক্তিখনৰ ২৫ নং অনুচ্ছেদ অনুসৰি কূটনৈতিক অভিযানৰ সুচাৰুৰূপে কাম-কাজৰ বাবে আয়োজক দেশখনে সকলো সুবিধা প্ৰদান কৰিব লাগিব।

ইচ্ছাকৃতভাৱে এই মৌলিক সামগ্ৰীসমূহ বন্ধ কৰি পাকিস্তানে মিছনৰ কাম আৰু কূটনীতিবিদসকলৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰিছে। এই সন্মিলনৰ উদ্দেশ্য হৈছে কূটনীতিবিদসকলে ভয় আৰু হস্তক্ষেপ নোহোৱাকৈ কাম কৰিব পাৰে। 

পাকিস্তান