দুৰ্বল নহয় বিৰাট-ৰোহিত বিহীন ভাৰতীয় ক্ৰিকেটঃ জয়ছোৱাল, গীলে দিলে উচিত প্ৰত্যুত্তৰ

এটা নতুন যুগৰ আৰম্ভণি। নতুন যুগত নাই বিৰাট-ৰোহিত। আছে তৰুণ প্ৰতিভা। এই তৰুণ প্ৰতিভাক দিক নিৰ্দেশনা প্ৰদান কৰিবলৈ অৱশ্যে আছে কেইবাজনো অভিজ্ঞ ক্ৰিকেটাৰ।

author-image
Asomiya Pratidin
New Update
দুৰ্বল নহয় বিৰাট-ৰোহিত বিহীন ভাৰতীয় ক্ৰিকেটঃ জয়ছোৱাল, গীলে দিলে উচিত প্ৰত্যুত্তৰ

ডিজিটেল ডেস্কঃ এটা নতুন যুগৰ আৰম্ভণি। নতুন যুগত নাই বিৰাট-ৰোহিত। আছে তৰুণ প্ৰতিভা। এই তৰুণ প্ৰতিভাক দিক নিৰ্দেশনা প্ৰদান কৰিবলৈ অৱশ্যে আছে কেইবাজনো অভিজ্ঞ ক্ৰিকেটাৰ।

Advertisment

তথাপিও সন্দেহ আছিল বিশ্ব ক্ৰিকেটৰ বিশেষজ্ঞ তথা প্ৰাক্তন ক্ৰিকেটাৰসকলৰ। ৰোহিত-বিৰাট বিহীন ভাৰতীয় টেষ্ট দলটোৰ প্ৰদৰ্শন কেনে হ’ব? তেওঁলোকক চাবলৈ খেল পথাৰলৈ দৰ্শক আহিবনে? 

পাৰিবনে ইংলেণ্ডৰ মাটিত ক্ৰিজত অধিক সময় থিয় হৈ থাকিবলৈ এই তৰুণ ক্ৰিকেটাৰেৰে ভৰপূৰ দলটো? পাৰিবনে শুভমণ গীলে তেওঁৰ ওপৰত ন্যস্ত দায়িত্বক সঠিকভাৱে কান্ধ পাতি ল’বলৈ?

এইসকলো প্ৰশ্নৰ উত্তৰ হেডিংলেট। যশস্বীৰ শতকৰ পিছতেই অধিনায়ক শুভমণ গীলৰ বেটৰ পৰা অহা শতক আৰু ঋষভ পণ্টৰ বেটৰ পৰা অহা অৰ্ধশকতেই সেই সকলো প্ৰশ্নৰ উত্তৰ। প্ৰথমো দিনত ৩ উইকেটত ভাৰতৰ স্কৰ ৩৫৯ ৰাণ। ১২৭ ত অধিনায়ক শুভমণ গীল আৰু ৬৫ ৰাণত ঋষভ পণ্ট অপাৰিজত হৈ আছে। 

টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৰ বাবে প্ৰথম ইনিংছ যথেষ্ট প্ৰত্যাহ্বান মূলক হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও সেই ধাৰণাক অসত্য প্ৰমাণিত কৰিলে ভাৰতীয় অপেনাৰদ্বয়ে।

ৰোহিতৰ অনুপস্থিতি ইনিংছ মুকলি কৰিবলৈ আহিল যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুল। প্ৰথম উইকেটত দুয়োৱে কৰিলে ৯১ ৰাণ। ৭৮ বলত ৪২ ৰাণ কৰি আউট হ’ল কে এল ৰাহুল।  

টেষ্টত অভিষেক ঘটা ছাই সুদৰ্শনেৰ আৰম্ভণি অৱশ্যে আশা কৰা ধৰণে নহ’ল। এটাও ৰাণ নকৰাকৈ তেওঁ উভতি গ’ল পেভিলিয়নলৈ।পেভিলয়নলৈ সুদৰ্শন ঘূৰি অহাৰ সময়তে হাতত বেট লৈ ক্ৰীজলৈ নামি আহে নতুন অধিনায়ক শুভমণ গীল।

হাতত পোৱা আঘাতৰ পিছতো যুঁজি যুঁজি শতক অৰ্জন কৰিলে যশস্বী জয়ছোৱালে। ব্যক্তিগত ১০১ ৰাণত ৰাণ আউট হৈ তেওঁ উভতিল পেভিলয়নত বহি থকা সতীৰ্থৰ কাষলৈ। নামি আহিল ঋষভ পণ্ট।

ইফালে প্ৰথমে কিছুসময় ক্ৰীজত থিয় হৈ থাকিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল যদিও পিছত শুভমণ গীলো হৈ পৰে এখন দেৱাল সদৃশ। সময়ে সময়ে নিৰ্দয়ভাৱে ইংলেণ্ডৰ প্ৰতিজন বলাৰক কৰিলে প্ৰহাৰ। তেওঁ কোবাইছে ১৬ টাকৈ চাৰি।  

এনে প্ৰদৰ্শনৰ ফলতে ১৪০টা বলত টেষ্ট কেৰিয়াৰৰ ষষ্ঠ শতক অৰ্জন কৰিলে গীলে। গীলৰ সৈতে ক্ৰীজত আছে ঋষভ পণ্ট। বহুতৰ বাবে অস্বাভাৱিক যদিও পণ্টে স্বাভাৱিক ধৰণেই খেলি আছে ক্ৰীজত। তেওঁৰ বেটৰ পৰা আহিছে ৬৫ ৰাণ।

অপৰাজিত এই ৬৫ ৰাণ কৰিছে ৬ টা চাৰি আৰু ২ টা ছয়ৰে। প্ৰথম ইনিংছৰ প্ৰথম দিনটোতে ভাৰতৰ এনে শক্তিশালী স্থিতিয়ে এতিয়া বিপদত পেলাইছে ঘৰুৱা দলটোক। অৱশ্যে এই কথাও সত্য যে, ইংলেণ্ডৰ বলিং আক্ৰমণৰো পূৰ্বৰ দৰে চোক নাই। প্ৰায় কেইজন নতুন, অনভিজ্ঞ বলাৰ। 

ক্ৰিকেট যশস্বী জয়ছোৱাল শুভমণ গীল টেষ্ট ক্ৰিকেট