২৬ বিত্তীয় বৰ্ষত ভাৰতীয় আই টি সেৱা উদ্যোগত বৃদ্ধি পাব ৪-৬% ৰাজহ

বিগত তিনিটা ত্ৰৈমাসিকত এই খণ্ডটোৱে ক্ৰমান্বয়ে উন্নতি সাধন কৰিছে যদিও বিশ্ব অৰ্থনৈতিক হেডৱিণ্ড আৰু আমেৰিকা আৰু ইউৰোপৰ দৰে গুৰুত্বপূৰ্ণ বজাৰত নীতিগত অনিশ্চয়তাৰ বাবে অদূৰ ভৱিষ্যতে বৃদ্ধি মন্থৰ হৈ থকাৰ সম্ভাৱনা আছে।

author-image
Asomiya Pratidin
New Update
ৰাজহ বৃদ্ধি

ৰাজহ বৃদ্ধি

ডিজিটেল ডেস্ক: ভাৰতৰ আই টি সেৱা উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষত ৪-৬ শতাংশ মধ্যমীয়া ৰাজহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।  বুধবাৰে ইক্ৰাই প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ৰেটিং এজেন্সীৰ প্ৰক্ষেপণসমূহ বিভিন্ন কোম্পানীৰ নমুনা গোটৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াৰ জৰিয়তে উদ্যোগটোৰ ৰাজহৰ প্ৰায় ৬০ শতাংশ লাভ কৰে।

Advertisment

ইক্ৰাই জানিবলৈ দিয়া অনুসৰি, বিগত তিনিটা ত্ৰৈমাসিকত এই খণ্ডটোৱে ক্ৰমান্বয়ে উন্নতি সাধন কৰিছে যদিও বিশ্ব অৰ্থনৈতিক হেডৱিণ্ড আৰু আমেৰিকা আৰু ইউৰোপৰ দৰে গুৰুত্বপূৰ্ণ বজাৰত নীতিগত অনিশ্চয়তাৰ বাবে অদূৰ ভৱিষ্যতে বৃদ্ধি মন্থৰ হৈ থকাৰ সম্ভাৱনা আছে।

ইক্ৰাৰ উপ-সভাপতি আৰু খণ্ড মুৰব্বী দীপক জোটৱানীয়ে সদৰী কৰে, ভাৰতীয় আই টি সেৱা কোম্পানীসমূহে যোগান ধৰা মূল খণ্ডসমূহৰ বাবে আমেৰিকা চৰকাৰে নীতি পৰিৱৰ্তনৰ লগতে ভৱিষ্যতৰ সুতৰ হাৰৰ ট্ৰেজেক্টৰীও মূল নিৰীক্ষণযোগ্য হৈ থাকিব।

ভাৰতত খুচুৰা আৰু স্বাস্থ্যসেৱাৰ লগতে বেংকিং, বিত্তীয় সেৱা আৰু বীমা (বিএফএছআই) খণ্ডই বিবেচনাধীন আইটি ব্যয়ৰ বৃদ্ধি দেখিছে, যিয়ে নতুন অৰ্ডাৰৰ প্ৰবাহত অৰিহণা যোগাইছে। ইয়াৰ উপৰিও জেনেৰেটিভ এআই (জেনএআই) প্ৰযুক্তিৰ বিনিয়োগ ভাৰতীয় আই টি প্ৰতিষ্ঠানসমূহৰ বাবে সতেজ ব্যৱসায়িক সুযোগলৈ পৰিণত হ’বলৈ আৰম্ভ কৰিছে।

ইফালে ভাৰতীয় আই টি প্ৰতিষ্ঠানসমূহে জেনএআইত যথেষ্ট পৰিমানে বিনিয়োগ কৰিছে। তেওঁলোকৰ কৰ্মশক্তিৰ এক বৃহৎ অংশক এআই-চালিত সামৰ্থ্যৰ প্ৰশিক্ষণ দিছে। ইয়াৰ ফলত বিশেষকৈ বিএফএছআই আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এআই সম্পৰ্কীয় চুক্তি বৃদ্ধি পাইছে, যিবোৰে এআই-চালিত সমাধানৰ আগতীয়াকৈ গ্ৰহণ কৰিছে। জোটৱানীয়ে লগতে উল্লেখ কৰে, চুক্তিৰ চক্ৰ দীঘলীয়া হৈছে। যাৰ ফলত মধ্যমকালৰ বাবে ৰাজহৰ দৃশ্যমানতা নিশ্চিত হৈছে।

Indian Economy economy revenue department Revenue Collection ৰাজহ সংগ্ৰহ