/asomiyapratidin/media/media_files/2025/08/02/ddddd-2025-08-02-13-55-51.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাই গ্ৰহণ কৰা কঠোৰ স্থিতিৰ পাছতে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিব নেকি? বিশ্বৰ প্ৰেক্ষাপটত এই চৰ্চা তীব্ৰ গতিত চলি থকাৰ সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি দাবী কৰিছিল। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
ট্ৰাম্পৰ এই দাবী পিছতে ভাৰতে এই বিষয়টোক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে। ভাৰত চৰকাৰৰ তৰফৰ পৰা ট্ৰাম্পে বিয়পোৱা এই খবৰ মিছা বুলি অভিহিত কৰা হৈছে। চৰকাৰী এক সূত্ৰই সদৰি কৰা মতে, পানী ঘোলা কৰিবলৈকে ট্ৰাম্পে এনে মনেসজা আৰু মিছা খবৰ বিয়পাইছে।
ভাৰত চৰকাৰে আগন্তুক সময়তো ৰাছিয়াৰ সৈতে তেল ক্ৰয় প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি সদৰি কৰিছে এই উচ্চস্তৰীয় সূত্ৰটোৱে। ৰাছিয়াই ভাৰতক গুণগত মানদণ্ডৰ তেল যোগান ধৰাৰ লগতে আৰ্থিক দিশটোৰ ওপৰতো বুজাপৰাকৈ কাম কৰি আছে। গতিকে এনে স্থলত ভাৰতে হঠাতে এনে সিদ্ধান্ত কেতিয়াও গ্ৰহণ নকৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, খাৰুৱা তেল উতপাদনৰ ক্ষেত্ৰত ৰাছিয়া হৈছে বিশ্বৰ দ্বিতীয়খন সৰ্ববৃহত দেশ। ৰাছিয়াই প্ৰতিদিনে ৯.৫মিলিয়ন বেৰেল কেচাঁতেল উতপাদন কৰে। ৰাছিয়াই বিশ্বৰ ১০শতাংশ খাৰুৱা তেল যোগান ধৰে। গতিকে এনে এখন দেশৰ সৈতে ভাৰতে হঠাতে ব্যৱসায়িক নীতি সলনি নকৰে বুলি সদৰি কৰিছে চৰকাৰী এই সূত্ৰটোৱে।