/asomiyapratidin/media/media_files/2025/07/17/nato-17-2025-07-17-22-16-15.jpg)
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত নাটোৰ মহাসচিব মাৰ্ক ৰুটেৰ সতৰ্কবাণীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ ফালৰ পৰা কয় যে ভাৰতে ইন্ধন ক্ৰয় বজাৰৰ পৰিস্থিতি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত ভিত্তি কৰিহে কৰে।
ইউৰোপৰ কিছুমান দেশে এতিয়াও ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰাৰ কথা উল্লেখ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে কয় যে এই বিষয়টোৰ ওপৰত কোনো “double standards” থাকিব নালাগে।
উল্লেখ্য যে, যোৱা দুদিন পূৰ্বে ৰাছিয়াৰ সৈতে ব্যৱসায় অব্যাহত ৰাখিলে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি ভাৰত, ব্ৰাজিল আৰু চীনক সকীয়াই দিছিল নাটোৰ মুৰব্বীগৰাকীয়ে। তেওঁৰ সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৈদেশীক মন্ত্ৰণালয়ৰ মুখপাত্ৰগৰাকীয়ে।
সপ্তাহিক প্ৰেছ ব্রিফিঙত জয়ছৱালে কয় যে, ‘আমি এই বিষয়ত প্রতিবেদন দেখিছো আৰু সকলো বিষয় নিবিড়ভাৱে অনুসৰণ কৰিছো৷ আমি বজাৰ পৰিস্থিতি, আৰু প্ৰচলিত বিশ্ব পৰিস্থিতিৰ দ্বাৰা পৰিচালিত হওঁ।
২০২২ চনত ইউক্ৰেইন আক্ৰমণক লৈ আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ভাৰত, চীন আৰু ব্ৰাজিলে ৰাছিয়াৰ তেলৰ প্ৰধান ক্ৰেতা হিচাপে পৰিগণিত হৈছে।
ৰাছিয়াৰ সৈতে থকা ব্যৱসায়িক ঘনিষ্ঠ সম্পৰ্কৰ কথা সোঁৱৰাই ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ইউক্ৰেইনৰে যুদ্ধৰ অন্ত পেলাবলৈয়ো তিনিওখন দেশৰ ৰাষ্ট্ৰপ্ৰধানলৈ আহ্বান জনাইছিল ৰুটে।
ৰুটে কয়, ‘অনুগ্ৰহ কৰি ভ্লাদিমিৰ পুটিনলৈ ফোন কৰক আৰু তেওঁক কওক যে তেওঁ শান্তি আলোচনাৰ প্ৰতি গুৰুত্ব দিব লাগে, অন্যথা ইয়াৰ ফলত ব্ৰাজিল, ভাৰত আৰু চীনৰ ওপৰত ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব।
ৰুটেৰ এই মন্তব্যৰ লগে লগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াক ৫০ দিনৰ ভিতৰত ইউক্ৰেইনৰ সৈতে পুটিনে শান্তি চুক্তিত উপনীত নহ’লে উল্লেখযোগ্য বাণিজ্যিক বাধা আৰোপ কৰিব বুলি সকীয়াই দিছিলি। যোৱা মঙলবাৰে ট্ৰাম্পে কৈছিল যে ৫০ দিনৰ ভিতৰত যদি আমাৰ কোনো চুক্তি নাথাকে তেন্তে আমি ৰাছিয়াৰ ওপৰত অতি কঠোৰ শুল্ক আৰোপ কৰিম।
ৰাছিয়াৰ লগতে ভাৰত, চীন আৰু ব্ৰাজিল ব্ৰিকছৰ সদস্য।চলিত মাহৰ আৰম্ভণিতে ট্ৰাম্পে ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহক আমেৰিকালৈ ৰপ্তানিৰ ওপৰত ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল।
ভাৰতে ধাৰাবাহিকভাৱে কৈ আহিছে যে আলোচনা আৰু কূটনীতিৰ ফলত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ সমাধান হ’ব পাৰে। নতুন দিল্লীয়ে ইতিমধ্যে মুকলিকৈ জনাই দিছে যে, যুদ্ধক্ষেত্ৰত কোনো সমাধান বিচাৰি পোৱা নাযায়, বন্দুকৰ ছাঁত আলোচনা সফল হ’ব নোৱাৰে।