Advertisment

কফি উৎপাদনেৰে বিশ্বৰ ভিতৰত সপ্তম স্থানত ভাৰত

দেশৰ বাণিজ্যিকখণ্ডৰ বাবে সুখবৰ। বিশ্বৰ বজাৰত ফেৰ মাৰিছে ভাৰতত উৎপাদিত কফিয়ে। এই অনুসৰি কফি উৎপাদনেৰে ভাৰতে বিশ্বৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এই তথ্য সদৰী কৰিছে দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে।

author-image
Asomiya Pratidin
New Update
কফি উৎপাদনেৰে বিশ্বৰ ভিতৰত সপ্তম স্থানত ভাৰত

কফি উৎপাদনেৰে বিশ্বৰ ভিতৰত সপ্তম স্থানত ভাৰত

ডিজিটেল ডেস্ক : দেশৰ বাণিজ্যিকখণ্ডৰ বাবে সুখবৰ। বিশ্বৰ বজাৰত ফেৰ মাৰিছে ভাৰতত উৎপাদিত কফিয়ে। এই অনুসৰি কফি উৎপাদনেৰে ভাৰতে বিশ্বৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এই তথ্য সদৰী কৰিছে দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে।

Advertisment

মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰত এতিয়া বিশ্বজুৰি সপ্তম বৃহত্তম কফি উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। লগতে ২০২৪ বিত্তীয় বৰ্ষত ভাৰতে ৰপ্তানি কৰা কফিৰ পৰিমাণ ১.২৯ বিলিয়ন ডলাৰৰ ঘৰ স্পৰ্শ কৰিছে। যিটো ২০২০-২১ চনৰ ৭১৯.৪২ মিলিয়ন ডলাৰৰ দুগুণ। 

আনহাতে ২০২৫ ৰ জানুৱাৰীত ভাৰতে ইটালী, বেলজিয়াম, ৰাছিয়াকে ধৰি শীৰ্ষ ক্ৰেতাৰ সৈতে ৯,৩০০ টনতকৈ অধিক কফি ৰপ্তানি কৰিছে।

coffee