Advertisment

ভাৰতত ২০ লাখ কোটিৰো অধিক টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি...

পাঁচদিনীয়াকৈ অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠক ‘ডাভোচ’ শুকুৰবাৰে অন্ত পৰে। এই বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰে ৫জন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৩ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উদ্যোগ মন্ত্ৰীয়ে। 

author-image
Asomiya Pratidin
New Update
India puts up big show at Davos, returns with ₹20 lakh crore investment

India puts up big show at Davos, returns with ₹20 lakh crore investment

ডিজিটেল ডেস্ক : পাঁচদিনীয়াকৈ অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠক ‘ডাভোচ’ শুকুৰবাৰে অন্ত পৰে। এই বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰে ৫জন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৩ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উদ্যোগ মন্ত্ৰীয়ে। 

Advertisment

এই বৈঠকত বিদেশৰ কেইবাটাও আগশাৰীৰ কোম্পানীয়ে ভাৰতত ধন বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ কথা ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ইয়াৰ উপৰি উক্ত বৈঠকত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

বাৰ্ষিক বৈঠক ডাভোচ সম্পন্ন হোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক প্ৰমুখ্যে কৰি বৈঠকত ভাগ লোৱা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছ, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্ত ৰেড্ডী আৰু কেৰালাৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলৰ জৰিয়তে ভাৰতৰ প্ৰতিনিধি দলটোৱে বিদেশৰ কেইবাটাও আগশাৰীৰ কোম্পানীয়ে ভাৰতত ধন বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ কথা অৱগত কৰে। 


দলটোৱে জানিবলৈ দিয়ে যে ভাৰতৰ প্ৰতি বিদেশী কোম্পানীসমূহৰ আস্থা পূৰ্বতকৈ বৃদ্ধি পাইছে। সেয়ে ইয়াৰ প্ৰতিফলনস্বৰূপে কোম্পানীসমূহে ২০ লাখ কোটি টকাতকৈও অধিক ধন বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ৮০ শতাংশ বিনিয়োগ কৰিব কোম্পানীসমূহে।


ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেৱেন্দ্র ফড়নবিছে জনাই যে বিশ্ব অৰ্থনৈতিক মঞ্চৰ এই বাৰ্ষিক বৈঠকত ১৫.৭০ লাখ কোটি টকাৰ ৬১টা বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যখনত সৃষ্টি হ’ব ১৬ লাখ নতুন চাকৰিৰ। ই নিশ্চয়কৈ ৰাজ্যখনৰ নিবনুৱাসকলৰ বাবে আশাৰ বতৰা হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।


একেদৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্ত ৰেড্ডীৰ নেতৃত্বত ডাটা চেণ্টাৰ, সেউজ শক্তি আৰু অত্যাধুনিক প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১.৭৯ লাখ কোটি টকাৰ ২০টা বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত তেলেংগানাত সৃষ্টি হ’ব ৫০ হাজাৰ নতুন চাকৰিৰ। 


বৈঠকত অংশ লোৱা কেৰালাৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱে ৰাজ্যখনৰ উত্তৰণৰ কথা চিন্তা কৰি গ্ৰহণ কৰিছে পদক্ষেপ। প্ৰগতিশীল চৰকাৰী নীতিৰ দ্বাৰা পৰিচালিত ঔদ্যোগিক কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী পি ৰাজীৱে ৰাজ্যখনৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে কেতবোৰ পদক্ষেপ লোৱাৰ কথা জানিবলৈ দিয়ে।

আনহাতে উত্তৰ প্ৰদেশে ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱাৰ পৰিপ্ৰেক্ষিত কেইবা হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ কথা সংবাদমেলযোগে জানিবলৈ দিয়ে প্ৰতিনিধি দলটোৱে। বৈঠকত অংশ লোৱা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে কয় যে ভাৰতৰ পানীয় খণ্ডত ২৫ কোটি মাৰ্কিন ডলাৰৰ বিনিয়োগ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হৈছে। এই আলোচনা মৰ্মে কোম্পানীসমূহে পানীয় খণ্ডত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে উক্ত বৈঠকৰ আলোচনা মৰ্মে ইউনিলিভাৰ, এফ এম চি জি, এ বি ইনবেভ আদিৰ দৰে কেইবাটাও কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

economy