ডিজিটেল ডেস্কঃ আগন্তুক সময়ছোৱাত যথেষ্ট সম্প্ৰসাৰণৰ বাবে সাজু হৈছে ভাৰতৰ ঔষধ উদ্যোগ। এই উদ্যোগটোৱে ইতিমধ্যে ‘বিশ্বৰ ফাৰ্মাচী’ হিচাপে বিশ্বব্যাপী স্থান সুদৃঢ় কৰি তুলিছে। ক’ভিড-১৯ৰ ভেকচিন বিতৰণত ব্যতিক্ৰমী অৱদানৰ জৰিয়তে ‘বিশ্বৰ নিৰাময়কাৰী’ হিচাপে স্বীকৃতি লাভ কৰিছে।
নিৰন্তৰ উদ্ভাৱন, ৰপ্তানিৰ ক্ষেত্ৰত উত্থান, সস্তা আৰু কাৰ্যকাৰিতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিচালিত হোৱা বাবে ভাৰতীয় ঔষধ উদ্যোগ খণ্ডৰ মূল্য বৰ্তমান ৫৫ বিলিয়ন মাৰ্কিন ডলাৰ। ২০৩০ চনৰ ভিতৰত এই উদ্যোগটোৱে ১৩০ বিলিয়ন মাৰ্কিন ডলাৰৰ ঘৰত প্ৰৱেশ কৰাৰ আশা কৰা হৈছে।
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নিজকে বিশ্বব্যাপী প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ভাৰতৰ ঔষধ খণ্ড ২০৪৭ চনৰ ভিতৰত ৪৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ কাষ চাপিব বুলি দাবী কৰিছে।
উদ্যোগ বিশেষজ্ঞসকলৰ মতে, এই আকৰ্ষণীয় বৃদ্ধিৰ আঁৰৰ মূল কাৰকসমূহৰ ভিতৰত আছে বায়’লজিকেল, স্পেচিয়েলিটি জেনেৰিক আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই)-চালিত প্ৰযুক্তিৰ উন্নতি। যিবোৰে বিশ্বৰ স্বাস্থ্যসেৱাৰ পৰিৱেশক পুনৰ গঢ় দিছে।
ভাৰতৰ ঔষধ খণ্ডই ২০০ৰো অধিক দেশলৈ সুলভ মূল্যৰ, উচ্চমানৰ ঔষধ যোগান ধৰি আহিছে।সেয়ে এই উদ্যেোগটো ২০৪৭ চনৰ ভিতৰত ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ উদ্যোগলৈ বৃদ্ধি পাব বুলি পূৰ্বানুমান কৰিছে।