আমেৰিকালৈ প্ৰেৰণ কৰা স্মাৰ্টফোনৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ ভাৰতৰ

চলিত বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত প্ৰথমবাৰৰ বাবে আমেৰিকালৈ প্ৰেৰণ কৰা স্মাৰ্টফোনৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে। কেনালিছ (বৰ্তমান ওমডিয়াৰ অংশ)ৰ গৱেষণাত প্ৰকাশ পাইছে এই তথ্য।

author-image
Asomiya Pratidin
New Update
smp

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত প্ৰথমবাৰৰ বাবে আমেৰিকালৈ প্ৰেৰণ কৰা স্মাৰ্টফোনৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে।কেনালিছ (বৰ্তমান ওমডিয়াৰ অংশ)ৰ গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। চীনৰ সৈতে শুল্ক সংক্রান্ত অনিশ্চয়তাৰ মাজত এই পৰিৱর্তন ঘটিছে বুলি গৱেষণাটোত উল্লেখ কৰা হৈছে। 

এই গৱেষণাত কোৱা হৈছে যে, চীনত নিৰ্মিত স্মাৰ্টফোনৰ আমেৰিকাত অংশীদাৰিত্ব ৬১%ৰ পৰা হ্ৰাস পাই ২৫%লৈ নামিছে। এই হ্ৰাস পোৱা অংশৰ বৃহৎ ভাগ ভাৰতে দখল কৰিছে। বছৰৰ পিছত বছৰ ধৰি 'মেড-ইন-ইণ্ডিয়া' স্মাৰ্টফোনৰ মুঠ পৰিসংখ্যা ২৪০ শতাংশ বৃদ্ধি পাইছে । স্মাৰ্টফোনৰ ৰপ্তানি এই ২৪০% বৃদ্ধি পাই ১৩%ৰ পৰা ৪৪%লৈ বৃদ্ধি পাইছে। এই পৰিসংখ্যাক এবছৰৰ ভিতৰত এক ঐতিহাসিক সাফল্য বুলি গণ্য কৰা হৈছে।

আনহাতে চলিত বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত আইফোনৰ ৰপ্তানি ১১% হ্ৰাস পাই ১৩.৩ নিযুত ইউনিট হৈছিল, যি প্ৰথম ত্ৰৈমাসিকৰ তুলনাত ২৫% বৃদ্ধি হৈছিল। আনহাতে, চেমচাঙে ৮.৩ নিযুত ইউনিট স্মাৰ্টফোন আমেৰিকালৈ ৰপ্তানি কৰি বিগত বৰ্ষৰ তুলনাত ৩৮% বৃদ্ধি লাভ কৰিছে।

ইফালে, কেনালিছৰ প্ৰধান বিশ্লেষক সনয়াম চৌৰাছিয়াই সদৰি কৰে যে, "২০২৫ চনৰ দ্বিতীয় ত্ৰৈমাসিকত ভাৰত প্ৰথমবাৰৰ বাবে আমেৰিকাত বিক্ৰী হোৱা স্মাৰ্টফোনৰ বাবে আগশাৰীৰ উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ মূল কাৰণ হৈছে আমেৰিকা আৰু চীনৰ মাজত অনিশ্চিত বাণিজ্যিক পৰিৱেশৰ মাজত এপলে ভাৰতলৈ কৰা যোগান শৃংখলৰ ত্বৰান্বিত পৰিৱৰ্তন।"

স্মাৰ্টফোন