/asomiyapratidin/media/media_files/2025/05/10/YIrv468IIEk7xjnAogOf.jpg)
ডিজিটেল ডেস্কঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে শনিবাৰে জনোৱা মতে, দেশৰ উত্তৰ আৰু পশ্চিম প্ৰান্তৰ ৩২টা বিমানবন্দৰ বিমান বন্দৰ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে পাকিস্তানৰ সীমান্তৰ ওচৰত অৱস্থিত তথা মূল প্ৰতিৰক্ষা ঘাটিৰ ওচৰত অৱস্থিত ২৪টা বিমানবন্দৰ ১০ মে’লৈকে অসামৰিক বিমান সেৱাৰ বাবে বন্ধ কৰি দিয়া হৈছিল।
এই সময়সীমা পৰৱৰ্তী সময়ত ১৫ মে’লৈ বৃদ্ধি কৰা হৈছিল। ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (এএআই) আৰু সংশ্লিষ্ট বিমান কৰ্তৃপক্ষই এয়াৰমেনলৈ ধাৰাবাহিকভাৱে জাননী জাৰি কৰিছে য’ত সমগ্ৰ উত্তৰ আৰু পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ অস্থায়ীভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে,।
উল্লেখ্য যে, ৭ মে’ত ভাৰতে সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ আৰু সীমান্ত অঞ্চলত পাকিস্তানে গোলাবৰ্ষণ কৰাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে পুৱা এই সিদ্ধান্ত লোৱা হৈছে।