ভাৰত-পাক যুদ্ধঃ আজি পুনৰ আলোচনাত মিলিত হ'ব দুয়োখন দেশৰ ডিজিএমঅ'

যুদ্ধবিৰতি ঘোষণা আৰু ভাৰত-পাক সংঘাতৰ পিছত দেওবাৰে নিশা গুলীচালনা বা গোলাবৰ্ষণৰ দৰে কোনো কাণ্ড সংঘটিত হোৱা নাছিল, যাৰ বাবে সীমান্ত অঞ্চলত বাস কৰা লোকসকলে সকাহৰ হুমুনিয়াহ কাঢ়িছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dg

ডিজিটেল ডেস্ক:  ভাৰত-পাকিস্তান উত্তেজনাৰ মাজতে আজি দুপৰীয়া ১২ বজাত পুনৰ আলোচনাত মিলিত হ'ব দুয়োখন দেশৰ সামৰিক অভিযান সঞ্চালক প্ৰধান। আলোচনাৰ অন্তত ভাৰতৰ পৰৱৰ্তী কৌশল প্ৰস্তুত কৰা হ’ব। তথ্য অনুসৰি ভাৰতৰ ডি জি এম অ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু পাকিস্তানৰ ডি জি এম অ’ মেজৰ জেনেৰেল কাছিম আব্দুল্লাৰ মাজত হটলাইনৰ জৰিয়তে বৈঠকত মিলিত হ'ব।

Advertisment

লক্ষ্যণীয় যে, এই গুৰুত্বপূৰ্ণ আলোচনাত যুদ্ধবিৰতি কেনেদৰে আগুৱাই নিব সেই সম্পৰ্কে এখন ৰোডমেপ তৈয়াৰ কৰা হ’ব। ইফালে সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে দেওবাৰে কৈছিল যে, ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে দেওবাৰে ‘হটলাইন’ত পাকিস্তানী সমকক্ষলৈ বাৰ্তা প্ৰেৰণ কৰি দুয়োখন সেনাৰ মাজত হোৱা সহমতৰ ‘উলংঘা’ৰ ওপৰত আলোকপাত কৰি কয় যে যদি পিছত এনে কাৰ্যৰ পুনৰাবৃত্তি হয় তেন্তে ভাৰতে ইয়াৰ প্ৰতি ‘কঠোৰ আৰু স্পষ্ট’ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।

উল্লেখ্য যে, ভাৰতৰ এই সতৰ্কবাণীৰ প্ৰভাৱ পাকিস্তানত কিছু পৰিমাণে পৰা পৰিলক্ষিত হৈছে। যুদ্ধবিৰতি ঘোষণা আৰু ভাৰত-পাক সংঘাতৰ পিছত দেওবাৰে নিশা গুলীচালনা বা গোলাবৰ্ষণৰ দৰে কোনো কাণ্ড সংঘটিত হোৱা নাছিল, যাৰ বাবে সীমান্ত অঞ্চলত বাস কৰা লোকসকলে সকাহৰ হুমুনিয়াহ কাঢ়িছে। ইফালে যুদ্ধবিৰতিৰ ৪০ ঘণ্টাৰো অধিক সময় পাৰ হৈ যোৱা পাছত অঞ্চলটোৰ জীৱন কিছু স্বাভাৱিক হৈছে।

ভাৰত-পাকিস্তান ৰাজীৱ ঘাই