/asomiyapratidin/media/media_files/2025/05/08/R29UeZQA5242Q4oYOadd.jpg)
ডিজিটেল ডেস্কঃ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আহিছে ভাৰতে। সিন্ধু জল চুক্তি স্থগিত কৰা পৰা কূটনৈতিক সম্পৰ্ক কৰ্তন তথা বাণিজ্য আৰু ডাক সেৱা বন্ধ কৰিছে ভাৰতে।
অৱশ্যে এই সকলোবোৰ কাৰ্যক ভাৰতে মাত্ৰ ট্ৰেইলাৰ বুলি অভিহিত কৰিছে। পাকিস্তানক ইয়াতকৈও অধিক শাস্তি বিহিবলৈ সেনা বাহিনীক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ভাৰতৰ উগ্ৰ ৰূপ আৰু পাকিস্তানৰ কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধ নিশ্চিত বুলি ধাৰণা কৰা হৈছে
লক্ষ্যণীয় যে, ভাৰতৰ প্ৰস্তুতিৰ পৰা স্পষ্ট হৈ পৰিছে যে পুনৰ ভাৰতৰ আক্ৰমণৰ সন্মুখীন হ'ব লাগিব পাকিস্তান। শেহতীয়াকৈ এই মন্তব্য কৰে পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতে। তেওঁ কয় যে, ৰাছিয়াত বিজয় দিৱস উদযাপনৰ পাছতে ভাৰতে সম্ভৱতঃ ১০-১১ মে’ত পাকিস্তানক পুনৰ আক্ৰমণ কৰিব।
উল্লেখ্য যে ৰাছিয়াই ৯ মে'ত বিজয় দিৱস পালন কৰিব। প্ৰধানমন্ত্ৰী মোদীও এই অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও পাকিস্তানৰ সৈতে উত্তেজনাৰ বাবেই এই ভ্ৰমণ বাতিল কৰা বুলি অনুমান কৰা হৈছে।ভাৰতৰ এনেধৰণৰ প্ৰস্তুতিয়ে ইংগিত দিয়ে যে ভাৰতে ১০ বা ১১ মে’ত পাকিস্তানক আক্ৰমণ কৰিব পাৰে।
ইফালে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে সমগ্ৰ ঘটনা সন্দৰ্ভত কয় যে ভাৰতে যিকোনো সময়তে কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত সামৰিক আক্ৰমণ চলাব পাৰে। ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি ইছলামবাদত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে যিকোনো সময়তে নিয়ন্ত্ৰণ ৰেখা আক্ৰমণ কৰিব পাৰে বুলি খবৰ আহিছে। নতুন দিল্লীক উপযুক্ত উত্তৰ দিয়া হ’ব।