/asomiyapratidin/media/media_files/2025/05/16/mha8lzGdPqwqVEMuM6BU.jpg)
ভাৰত- পাকিস্তানৰ যুদ্ধ বিৰতি ১৮মে’লৈকে ! তাৰ পাছত
ডিজিটেল ডেস্ক : ভাৰত- পাকিস্তানৰ মাজত সৃষ্টি হোৱা সংঘাত আৰু শেহতীয়া যুদ্ধসদৃশ পৰিৱেশৰ মাজত দুয়ো দেশে যুদ্ধ বিৰতি ঘোষণা কৰিছিল। পেহেলগাম কাণ্ডৰ পাছত ভাৰতৰ সামৰিক অভিযানে পাকিস্তানৰ দূৰ্গত তীব্ৰ আঘাত হনাৰ পাছত আমেৰিকাৰ হেঁচাত দুই দেশে যুদ্ধ বিৰতি ঘোষণা কৰিছিল যদিও সেই যুদ্ধ বিৰতি ১৮মে’ত অৰ্থাৎ আৰু দুদিনৰ পাছতে অন্ত পৰিব।
এই সন্দৰ্ভত পাকিস্তানে আনুষ্ঠানিকভাৱে যুদ্ধ বিৰতিৰ সময়সীমাৰ কথা সদৰী কৰিছে। সেয়ে দুয়োখন দেশৰ সামাৰিক বাহিনীয়ে ইয়াৰ পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰে, সেয়াহে লক্ষ্যণীয় হৈ পৰিছে। বৃহস্পতিবাৰে পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছাক দৰে দেশখনৰ সংসদত সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।
ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী চেহৱাজ শ্বৰীফে দুয়ো দেশৰ মাজত শান্তি আলোচনা বিচাৰোঁ বুলি উল্লেখ কৰি এয়া ভাৰতৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰিছে।