ভাৰতৰ গোলা বাৰুদ কাৰাখানাৰ বিষয়া-কৰ্মচাৰীৰ ছুটী বাতিল...

ভাৰত-পাকিস্তানৰ যুদ্ধ কিজানি হবই। দুয়োখন দেশৰ শেহতীয়া তৎপৰতালৈ চাই এই কথা অধিক স্পষ্ট হৈছে। শত্ৰুৰ সৈতে যুদ্ধৰ সময়ত যাতে দেশৰ কোনো ভুল  লোকচান নহয় তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে ভাৰতে। এইবাৰ ভাৰতে লৈছে আন এক কঠোৰ পদক্ষেপ।

author-image
Asomiya Pratidin
New Update
pakk

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ যুদ্ধ কিজানি হবই। দুয়োখন দেশৰ শেহতীয়া তৎপৰতালৈ চাই এই কথা অধিক স্পষ্ট হৈছে। শত্ৰুৰ সৈতে যুদ্ধৰ সময়ত যাতে দেশৰ কোনো ভুল  লোকচান নহয় তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে ভাৰতে। এইবাৰ ভাৰতে লৈছে আন এক কঠোৰ পদক্ষেপ।

Advertisment

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি,  দেশৰ গোলা বাৰুদ কাৰাখানাৰ বিষয়া-কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে। মিউনিচনছ ইণ্ডিয়া লিমিটেডৰ সকলো কৰ্মচাৰীৰ ছুটী বাতিল কৰা হৈছে।   ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে সমগ্ৰ দেশৰ মিউনিচনছ ইণ্ডিয়া লিমিটেডৰ ১২টা অস্ত্ৰ-শস্ত্ৰ কাৰখানাৰ বিষয়া-কৰ্মচাৰীৰ দীঘলীয়া ছুটী বাতিল কৰা হৈছে।

উল্লেখ্য যে, দেশৰ সৰ্ববৃহৎ অস্ত্ৰ ভাণ্ডাৰ মিউনিচনছ ইণ্ডিয়া লিমিটেড। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মিউনিচনছ ইণ্ডিয়া লিমিটেডৰ বিষয়া-কৰ্মচাৰীৰ ছুটী বাতিল কৰা হৈছে। অহা মিউনিচনছ ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীক দুমাহৰ বাবে দুদিনতকৈ অধিক ছুটী দিয়া নহ’ব বুলি জাননী জাৰি কৰিছে।

 

ভাৰত-পাকিস্তান