কোনো মিল নাই! বিপৰীত স্থিতিত পাকিস্তানৰ চৰকাৰ আৰু সেনা বাহিনী...

সেনা আৰু চৰকাৰৰ মাজত মতবিৰোধ পাকিস্তানত। চৰকাৰৰ কথা তথা আদেশ নুশুনে পাক সেনা বাহিনীয়ে। পাক চৰকাৰে যুদ্ধ বিৰতিৰ বাবে সহমত পোষণ কৰাৰ ৪ঘন্টা নৌহওঁতেই পাক সেনাই সীমান্তত ভাৰতলৈ লক্ষ্য কৰি প্ৰেৰণ কৰিলে ড্ৰোণ

author-image
Asomiya Pratidin
New Update
new ap h

ডিজিটেল ডেস্কঃ সেনা আৰু চৰকাৰৰ মাজত মতবিৰোধ পাকিস্তানত। চৰকাৰৰ কথা তথা আদেশ নুশুনে পাক সেনা বাহিনীয়ে। পাক চৰকাৰে যুদ্ধ বিৰতিৰ বাবে সহমত পোষণ কৰাৰ ৪ঘন্টা নৌহওঁতেই পাক সেনাই সীমান্তত ভাৰতলৈ লক্ষ্য কৰি প্ৰেৰণ কৰিলে ড্ৰোণ।  

Advertisment

কেৱল এয়াই নহয়, যুদ্ধবিৰতিক লৈ আমেৰিকাক ধন্যবাদসূচক টুইট কৰাৰ আগতেই পাক সেনাই সীমান্তত যুদ্ধবিৰতি উলংঘন কৰিলে। ইয়াৰ পৰা স্পষ্ট হয় যে, পাক চৰকাৰৰ কোনো কথাই নুশুনে পাক সৈন্য বাহিনীয়ে। 

ইফালে পূৰ্বৰে পৰাই পাক প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত এক শীতল যুদ্ধ অব্যাহত আছেই। তাৰ মাজতে শেহতীয়াকৈ চৰকাৰ আৰু পাক সেনাৰ এনে কাৰ্যকলাপে দেশখনৰ ভিতৰত চলি থকা অশান্তি পুনৰ এবাৰ পোহৰলৈ আনিলে।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰত-পাকিস্তানৰ মাজত মধ্যস্থতাকাৰী হিচাপে থাকি আমেৰিকাই এই যুদ্ধবিৰতি প্ৰক্ৰিয়া সমাপন কৰিছিল। যাৰ বাবে পাকিস্তান প্ৰধানমন্ত্ৰীয়ে আমেৰিকাক ধন্যবাদ জনাই এক্সত লিখিছিল যে, শান্তি-সমৃদ্ধিত পাকিস্তানে বিশ্বাস ৰাখে। এই সমাধানে এক নতুন দিগন্তৰ সূচনা কৰিব।

পাকিস্তান প্ৰধানমন্ত্ৰীৰ এই টুইটৰ আগতেই পাকিস্তান-ভাৰত সীমান্তত দেখা গৈছিল পাক সেনাৰ ড্ৰোণ।  

পাকিস্তান