Operation Sindoor: প্ৰধানমন্ত্ৰীয়ে ঠিক কৰিছিল এই আক্ৰমণৰ নাম...

১৯৭১ৰ চনৰ পিছত প্ৰথমবাৰৰবাবে ৩সেনাই যৌথভাৱে আৰম্ভ কৰিলে যুদ্ধ।  সন্ত্ৰাসবাদীক সমৰ্থন কৰা পাকিস্তানক এসেকা দিবলৈ এই যুদ্ধৰ আৰম্ভণি কৰা অভিযানৰ নাম দিলে- অপাৰেচন সিন্দুৰ। 

author-image
Asomiya Pratidin
New Update
ijijিিি

ডিজিটেল ডেস্কঃ ১৯৭১ৰ চনৰ পিছত প্ৰথমবাৰৰবাবে ৩সেনাই যৌথভাৱে আৰম্ভ কৰিলে যুদ্ধ।  সন্ত্ৰাসবাদীক সমৰ্থন কৰা পাকিস্তানক এসেকা দিবলৈ এই যুদ্ধৰ আৰম্ভণি কৰা অভিযানৰ নাম দিলে- অপাৰেচন সিন্দুৰ। 

উল্লেখ কৰা প্ৰয়োজন যে, পেহেলগ্ৰামত স্বামীহাৰা হোৱা মহিলাৰ সন্মানাৰ্থে এই আক্ৰমণ তথা অভিযানৰ নাম ৰখা হৈছে- 'অপাৰেচন সিন্দুৰ'। কিন্তু এই অপাৰেচনটোৰ নাম কোনে দিলে? তাক লৈ শেহতীয়াকৈ ভিন্ন চৰ্চা হৈছে।

ভাৰতীয় সেনাৰ এই আক্ৰমণৰ নাম দিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তিনি সেনা প্ৰধানেৰে হোৱা আলোচনা কালতেই এই নামটোৰ প্ৰস্তাৱ দিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। পিছৰ পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকীৰ সেই প্ৰস্তাৱক মোহৰ মাৰিছিল ভাৰতীয় সেনাই।

উল্লেখ কৰা প্ৰয়োজন যে, ওৰে নিশা 'অপাৰেচন সিন্দুৰৰ ওপৰত নজৰ ৰাখিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

ভাৰত