বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা বাহিৰ ভাৰত...

পৰাজয়ে যেন লগ এৰা নাই ভাৰতীয় ক্ৰিকেট দলৰ । দেওবাৰে ছিডনীত অষ্ট্ৰেলিয়াৰ  বিৰুদ্ধে পঞ্চমখন টেষ্টতো ৬ উইকেটত পৰাজয় বৰণ কৰে অতিথি দল ভাৰতে ।ইয়াৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ দৌৰৰ পৰাও বাহিৰ হ’ল ভাৰত ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  পৰাজয়ে যেন লগ এৰা নাই ভাৰতীয় ক্ৰিকেট দলৰ । দেওবাৰে ছিডনীত অষ্ট্ৰেলিয়াৰ  বিৰুদ্ধে পঞ্চমখন টেষ্টতো ৬ উইকেটত পৰাজয় বৰণ কৰে অতিথি দল ভাৰতে ।ইয়াৰ লগতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ দৌৰৰ পৰাও বাহিৰ হ’ল ভাৰত । দেওবাৰৰ মেচত জয় লাভেৰে ৩-১ ৰ ব্যৱধানত শৃংখলা দখল কৰে কেংগাৰুবাহিনীয়ে ।

ইফালে অষ্ট্ৰেলিয়াই এই জয়ৰ সৈতে ক্ৰমাগত দ্বিতীয়খন ডব্লিউ টি চিৰ মেচত জয়লাভ কৰি ৬৩.৭২ জয়ৰ হাৰেৰে ৰেংকিঙত দ্বিতীয় স্থানত আছে।

পৰাজয়ৰ পিছত ভাৰতে ৫০.০০ জয়ৰ শতাংশৰে তৃতীয় স্থানত আছে আৰু আগন্তুক শৃংখলাত শ্ৰীলংকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-০ৰ ব্যৱধানত জয়লাভ কৰিলে চতুৰ্থ স্থানলৈ নামিব পাৰে ভাৰত ।

ভাৰত বনাম অষ্ট্ৰেলিয়া