/asomiyapratidin/media/media_files/2025/07/29/rail-29-2025-07-29-11-56-51.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে’লৱে বিশ্বৰ আগশাৰীৰ ৰপ্তানিকাৰক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় ৰে'লৱেয়ে ইঞ্জিন, ডবা, ৰেল সামগ্ৰী আদিৰ ৰপ্তানিকাৰক হিচাপে দ্ৰুতগতিত উত্থান লাভ কৰিছে।
কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ বদোদৰাৰ আলষ্টমৰৰ কাৰ্যকলাপ সম্পৰ্কে পৰ্যালোচনা কৰি ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৃষ্টিভংগীৰ অধীনত ভাৰতৰ ক্ৰমবৰ্ধমান সফলতাৰ কথা উল্লেখ কৰে।
ভ্ৰমণৰ সময়ত বৈষ্ণৱে সুৰক্ষা পদ্ধতিসমূহ নিবিড়ভাৱে মূল্যায়ন কৰে আৰু আলষ্টমৰ টেইলাৰ ডিজাইন পদ্ধতিৰ প্ৰশংসা কৰে। গতি শক্তি বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতামূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰামৰ্শ দি তেওঁ কয়, ‘এয়া ভাৰতীয় ৰে’লৱেই অনুকৰণ কৰিব পৰা এক উদ্ভাৱন।
তেওঁ সকলো উৎপাদন ইউনিটৰ পৰা জেনেৰেল মেনেজাৰসকলৰ এক্সপ’জাৰ ভ্ৰমণকো উৎসাহিত কৰে আৰু প্ৰতিৰোধমূলক সুৰক্ষাৰ বাবে চেন্সৰ আৰু এ আইৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে।
আলষ্টমে জাৰ্মানী, ইজিপ্ত, ছুইডেন, ব্ৰাজিল, আৰু অষ্ট্ৰিয়াৰ দৰে দেশলৈ ৩,৮০০ টাতকৈও অধিক বগী আৰু ৪,০০০+ ফ্লেটপেক ৰপ্তানি কৰিছে। কেৱল ছাভলীৰ সুবিধাই অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ বাবে ৪৫০খন মেট্ৰ’ কাৰ যোগান ধৰিছে। মানেজা ইউনিটে ৫,০০০+ প্ৰপালচন চিষ্টেম ৰপ্তানি কৰিছে।
ভাৰতে কানাডা আৰু অষ্ট্ৰেলিয়ালৈ মেট্ৰ’ ডবা, ব্ৰিটেইন আৰু ফ্ৰান্সলৈ বগী, মোজাম্বিক, বাংলাদেশকে ধৰি কেইবাখনো দেশলৈ ইঞ্জিন প্ৰেৰণ কৰিছে।
ভাৰতে ২৭টা গ্ল’বেল ছিগনেলিং প্ৰজেক্টৰ নেতৃত্ব দিছে আৰু বেংগালুৰুত থকা ডিজিটেল এক্সপিৰিয়েন্স চেণ্টাৰৰ দ্বাৰা চালিত আৰু ৪০ টাক সমৰ্থন কৰিছে। ৰপ্তানিৰ এনে উত্থানৰ সমৰ্থনত আছে এবিবি আৰু হিটাচি এনাৰ্জীৰ দৰে স্থানীয় যোগানকাৰীয়ে।
বৈষ্ণৱে কয়, মেক ইন ইণ্ডিয়া’ আৰু ‘মেক ফৰ দ্য ৱৰ্ল্ড’ পদক্ষেপৰ প্ৰভাৱ স্পষ্টভাৱে দেখা গৈছে। এইটোৱে ভাৰতীয় অভিযন্তাসকলৰ মাজত চাকৰিৰ সৃষ্টি আৰু বিশ্বব্যাপী বিশেষজ্ঞতা গঢ়ি তুলিছে।