ভাৰতৰো থাকিব নিজৰ স্পেচ ষ্টেচনঃ ইছৰ’

ভাৰতৰো থাকিব নিজৰ স্পেচ ষ্টেচনঃ ইছৰ’

author-image
asomiyapratidin
New Update
ভাৰতৰো থাকিব নিজৰ স্পেচ ষ্টেচনঃ ইছৰ’

ডিজিটেল ডেস্কঃ ভাৰতৰ মহাকাশ গৱেষণ সংস্থা ইছৰ'ৰ থাকিব নিজৰ স্পেচ ষ্টেচন। ইছৰ'ৰ এগৰাকী উচ্চপদস্থ বিষয়া জনায় এই কথা। বিষয়াগৰাকীয়ে জনোৱা মতে, ভাৰতে নিজৰ স্পেচ ষ্টেচন নিৰ্মাণৰ যো-জাঁ চলাই আছে। এই প্ৰজেক্টটো ইছৰ'ৰ গুৰুত্বপূৰ্ণ মিছন 'গগনযান'ৰে অন্তৰ্গত।

Advertisment

বিষয়াগৰাকীয়ে লগতে কয় যে- আমি মহাকাশ যানত মানুহ কঢ়িয়াই নিয়াৰ লগতে আই মিছনৰ বাবেও কাম চলাই থাকিব লাগিব। আৰু এনেকৈ কামত লাগিলেহে আমি স্পেচ ষ্টেচন নিৰ্মাণ কৰিব পাৰিম।

উল্লেখ্য যে, ইছৰ'ৰ বিষয়াগৰাকীয়ে ইয়াৰ পূৰ্বেকৈছিল যে- ২০২১চনৰ ডিচেম্বৰলৈ মহাকাশ যানেৰে মানুহ কঢ়িয়াই নিয়াটো আমাৰ লক্ষ্য।তেওঁ লগতে কৈছিল- 'গগনযান' মিছনৰ জৰিয়তেহে এয়া সম্ভৱপৰ কৰিব পাৰিম। যদি আমি নিৰ্ধাৰিতসময়ৰ ভিতৰতে এই কাম কৰিব পাৰো, তেন্তে আমি সমগ্ৰ বিশ্বৰ ভিতৰতে চতুৰ্থখন এনে দেশ হ'ম যিখন দেখেনিজৰ তথ্য-প্ৰযুক্তিৰ দ্বাৰাই মহাকাশলৈ মানুহ পঠিয়াম।'