ভাৰত এতিয়া বিশ্বৰ বাবে এক উল্লেখযোগ্য ব্ৰেণ্ড হৈছে

সমগ্ৰ বিশ্বত ভাৰত এতিয়া উচ্চমানৰ ব্ৰেণ্ডৰূপে পৰিচিত হৈছে। বিনিয়োগৰ দেশ হিচাপে বিনিয়োগকাৰীয়ে আঁকোৱালি লৈছে। এই কথা সদৰী কৰিছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ ডীন সৌমিত্ৰ দত্তই

author-image
Asomiya Pratidin
New Update
oxford

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বত ভাৰত এতিয়া উচ্চমানৰ ব্ৰেণ্ডৰূপে পৰিচিত হৈছে। দেশখনক এতিয়া বিনিয়োগৰ দেশ হিচাপে বিনিয়োগকাৰীয়ে আঁকোৱালি লৈছে। এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত এই কথা সদৰী কৰিছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ ডীন তথা অধ্যাপক সৌমিত্ৰ দত্তই।

Advertisment

সাক্ষাৎকাৰটোত দত্তই কয়- সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্মৰ সৈতে কথা পাতিলে মই কওঁ তোমালোকৰ হাতত বৰ্তমান যি ব্ৰেণ্ড আছে, সেয়া প্ৰচুৰ সম্ভাৱনাময়। ৩০ বছৰ আগতে আমি যেতিয়া বিদেশত অধ্যয়নৰ বাবে যাব লগা হৈছিল, তেতিয়া পৰিৱেশ- পৰিস্থিতি বহু পৃথক আছিল। 

তেওঁ ভাৰতক সুযোগৰ দেশ হিচাপে আখ্যা দি দেশখনৰ বৃহৎ জনসংখ্যা এক গুৰুত্বপূৰ্ণ কাৰক বুলি মন্তব্য কৰে। সমগ্ৰ বিশ্বৰ শ্ৰীবৃদ্ধিৰ বাবে ভাৰতৰ অৱদান আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰখনৰ জৰিয়তে উন্নয়নৰ দিশত আগবঢ়োৱা অৱদান মনকৰিবলগীয়া বুলি মন্তব্য কৰে।

প্ৰগতি আৰু পৰিৱেশতন্ত্ৰই ভাৰতক এতিয়া বিশ্বৰ এজন ভাল নাগৰিকৰ অংশ হোৱা, এজন ভাল নেতাৰ অংশ হোৱা অৱস্থাত আছে। ভাৰতে কেৱল নিজৰ প্ৰগতিয়েই নহয়, আনকো প্ৰগতিত সহায় কৰিছে। ভাৰতৰ সামগ্ৰীক এই প্ৰগতিত সন্তুষ্টি ব্যক্ত কৰে তেওঁ। 

অৱশ্যে তেওঁ কয়- দেশৰ ভিতৰত ঘটি থকা বহু ভাল কামৰ কথা আমি ভালদৰে নেজানো। উদাহৰণস্বৰূপে তেওঁ ইউ পি আই আৰু সমগ্ৰ পেমেণ্ট ব্যৱস্থাৰ সন্দৰ্ভত কয় যে এই ব্যৱস্থাত ভাৰত এক নম্বৰত আছে।

pm modi india