ডিজিটেল ডেস্ক : বিশ্বৰ অৰ্থনীতিত আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে ভাৰতে। আন্তৰ্জাতিক পৰ্যায়ৰ অৰ্থনীতিত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে দেশখনে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশলৈ ভাৰতে সা- সামগ্ৰী ৰপ্তানি কৰি নিজৰ উপস্থিতিৰ উমান দিবলৈ সক্ষম হৈছে।
চৰকাৰে এই সম্পৰ্কত দাবী কৰে যে দেশত পেট্ৰলিয়াম তেল আৰু কৃষি ৰাসায়নিক পদাৰ্থৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহী আৰু বহুমূলীয়া শিললৈকে বিভিন্ন খণ্ডত যথেষ্ট অগ্ৰগতি দেখা গৈছে। বাণিজ্য মন্ত্ৰালয়ে এই সন্দৰ্ভত উল্লেখ কৰে যে ৰপ্তানিৰ হাৰ বৃদ্ধিয়ে ভাৰতৰ উন্নত প্ৰযুক্তি, উদ্ভাৱনী পদ্ধতি আৰু প্ৰতিযোগিতামূলক উৎপাদনৰ সহায় লৈ বিশ্বৰ চাহিদা পূৰণ কৰাৰ ক্ষমতাক প্ৰতিফলিত কৰিছে।
উল্লেখযোগ্য যে দেশখনে বিশ্বৰ শীৰ্ষ ১০ টা যোগানকাৰীৰ ভিতৰত নিজৰ স্থান বজাই ৰাখিছে। এই সকলোবোৰৰ ৰপ্তানিৰ মূল্য ২০২৩ চনত ১ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। কেৱল ইমানেই নহয়, পেট্ৰলিয়ামখণ্ডত ২০১৪ চনত ৰপ্তানিৰ মূল্য ৬০.৮৪ বিলিয়ন ডলাৰৰ পৰা ২০২৩ত ৮৪.৯৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাই বিশ্বৰ বজাৰ অংশীদাৰিত্ব ১২.৫৯ শতাংশ দখল কৰিছে।