/asomiyapratidin/media/media_files/2025/06/03/ZEdNf9dJrhyJy6uZ9dvr.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানে আত্মসন্তুষ্টিৰ বাবে বিজয় উৎসৱ পালন কৰিলেও লাহে লাহে পোহৰলৈ আহিছে আন কিছু তথ্যহে। শেহতীয়াকৈ পাকিস্তানে নিজে স্বীকাৰ কৰিছে যে, অপাৰেচন সিন্দূৰত ভাৰতে ২০টা স্থানত নহয়, ২৮টা স্থানত আক্ৰমণ কৰিছিল।
পাকিস্তানে শেহতীয়াকৈ সদৰি কৰিছে যে, ভাৰতীয় সেনাই উল্লেখ কৰা স্থানসমূহৰ উপৰিও পেছাবৰ, সিন্দু, গুঞ্জৰাৱালা, ভৱালনগৰকে ধৰি বহু চহৰত তীব্ৰ ক্ষতি হৈছিল পাকিস্তানৰ। পাকিস্তানৰ সেনাই শেহতীয়াকৈ পাক চৰকাৰৰ হাত অৰ্পন কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।